চিনাক্ত হ’ল ঢকুৱাখনাত উদ্ধাৰ হোৱা ছিন্ন মুণ্ড ! সুনীলৰ অৱস্থিতি বিচাৰি ডি জি পিলৈ পত্নীৰ প্ৰশ্ন...

অসম আৰক্ষীৰ তদানীন্তন আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে ৰাজহুৱাকৈ ঘোষণা কৰিছিল সুনীল গগৈ জীয়াই আছে । এই বৰ্বৰ হত্যাকাণ্ডৰ তদাৰকী কৰি থকা ডি আই জি সংযুক্তা পৰাশৰেও সুনীল পত্নী পুষ্পা গগৈক নিশ্চয়তা প্ৰদান কৰি আহিছে সুনীল গগৈ জীৱিত আছে বুলি

author-image
Asomiya Pratidin
New Update
সুনীলৰ অৱস্থিতি বিচাৰি ডি জি পিলৈ পত্নীৰ প্ৰশ্ন

সুনীলৰ অৱস্থিতি বিচাৰি ডি জি পিলৈ পত্নীৰ প্ৰশ্ন

ডিজিটেল সংবাদ, ঢকুৱাখনা : অৱশেষত এটা কথা পৰিস্কাৰ হ’ল যে, ঢকুৱাখনাৰ সাপতিয়া চেতিয়া গাঁৱত সংঘটিত লোমহৰ্ষক হত্যাকাণ্ডৰ বলি হৈছিল সুনীল গগৈৰ ঘনিষ্ঠ ৰাজমিস্ত্ৰী জাহাংগীৰ হুছেইন। ৰাজ্য চৰকাৰৰ তদন্তকাৰী সংস্থা অপৰাধ অনুসন্ধান বিভাগ চমুকৈ চি আই ডিৰ জৰিয়তে সমগ্ৰ ঘটনা ক্ৰমৰ একক তদন্ত চলাই থকাৰ সময়তে ৬ মাহৰ পাছত ঢকুৱাখনাৰ লাঁওকোঠ জানৰ পানীত মাছমৰীয়া জালত উদ্ধাৰ হৈছিল এটা অৰ্ধগলিত ছিন্ন মুণ্ড। 

Advertisment

ইয়াৰ পাছতে চি আই ডিৰ তদন্তকাৰী বিষয়াসহ এটা দল গুৱাহাটীৰ পৰা আহি উক্ত ছিন্ন মুণ্ডটো হায়দৰাবাদলৈ প্ৰেৰণ কৰিছিল ফৰেনচিক পৰীক্ষাৰ বাবে । সমান্তৰালভাৱে ধুবুৰীৰ ৰাজমিস্ত্ৰী  জাহাংগীৰ হুছেইনৰ সহযোগী ভাতৃৰো ডি এন এৰ নমুনা সংগ্ৰহ কৰি গৱেষণাগাৰলৈ প্ৰেৰণৰ পাছত উক্ত নৰমুণ্ড জাহাংগীৰ হুছেইনৰ বুলি চিনাক্ত হোৱাত ঢকুৱাখনাত প্ৰবল প্ৰতিক্ৰিয়াৰ সূত্ৰপাত ঘটিছে। 

চি আই ডিৰ হাতলৈ যোৱা ১৭ ফেব্ৰুৱাৰীত এই বহু প্ৰত্যাশিত ফৰেনচিক প্ৰতিবেদন আহি পোৱাৰ পাছত ১৮ ফেব্ৰুৱাৰীত ঢকুৱাখনা সদৰ থানাত উপস্থিত হৈছিল তদন্তকাৰী বিষয়া উপ আৰক্ষী অধীক্ষক ৰবীন ডেকা । ডেকাই অসম আৰক্ষীয়ে পলাতক আচামী ঘোষণা কৰা সুনীল গগৈৰ ভতিজা জয়ন্ত গগৈক থানালৈ মাতি অহা ২৭ ফেব্ৰুৱাৰীত গুৱাহাটীৰ চি আই ডিৰ মুখ্য কাৰ্যালয়ত হাজিৰ হোৱাৰ বাবে এক চমন প্ৰদান কৰিছিল । 

অৱশ্যে সুনীল গগৈৰ পত্নী পুষ্পা গগৈ আৰু পুত্ৰলৈ কোনো চমন জাৰি কৰা নাছিল । শেহতীয়াকৈ অপৰাধ অনুসন্ধান বিভাগৰ তৎপৰতা আৰু অগ্নিদগ্ধ  মাংসপিণ্ডটো ৰাজমিস্ত্ৰী হুছেইনৰ বুলি ডি এন এ পৰীক্ষাৰ প্ৰতিবেদনত পোহৰলৈ অহাৰ পাছত স্বাভাৱিকতে এটা প্ৰায় ৯ মহীয়া উৎকণ্ঠাৰ যৱনিকা পৰিল । 

ৰাজ্য জোকাৰি যোৱা  এই লোমহৰ্ষক হত্যাকাণ্ড, মৃতদেহ শীতল মস্তিষ্কৰে ৰাসায়নিক পদাৰ্থ ঢালি জ্বলাই দিয়া , হত্যাকাণ্ডৰ বলি হোৱা ৰাজমিস্ত্ৰীজনৰ মুণ্ডছ্ছেদ কৰি প্ৰায় ৬ কিলোমিটাৰ দূৰৈৰ এটা জলাশয়লৈ নিক্ষেপ কৰা আদি জঘন্য তথা বৰ্বৰ কাণ্ডৰ পাছত পোহৰলৈ অহা এই প্ৰামানিক তথ্যই সুকীয়া তাৎপৰ্য বহন কৰিছে। ৰাইজৰ মনত পলাতক সুনীল গগৈৰ প্ৰতি সন্দেহ গাঢ় হৈছে । 

উল্লেখযোগ্য যে ২০২৪ বর্ষৰ ১ জুনত ঢকুৱাখনা সদৰ আৰক্ষী থানাৰ অন্তৰ্গত সাপতিয়া চেতিয়া গাঁৱৰ জলজীৱন মিছনৰ ঠিকাদাৰ সুনীল গগৈৰ ঘৰৰ পৰা নাতি দূৰৈত উদ্ধাৰ হৈছিল জলন্ত চিতাত নৰ মাংস পিণ্ড । সমগ্ৰ ৰাজ্য কঁপাই যোৱা এই জঘন্য হত্যাকাণ্ডৰ পাছৰে পৰা  ৰহস্যজনকভাৱে পলাতক আছে ঠিকাদাৰ সুনীল গগৈ । 

প্ৰাথমিক অৱস্থাত এই মৃতদেহ সুনীল গগৈৰ বুলি ধাৰণা কৰা হৈছিল । কিন্তু ঘটনাৰ এসপ্তাহ উকলাৰ পাছত হত্যাকাণ্ডৰ প্ৰামানিক তথ্য সংগ্ৰহৰ পাছত এই মাংস পিণ্ড সুনীলৰ নহয় বুলি আৰক্ষী , চি আই ডি পতিয়ন গৈছিল । 

অসম আৰক্ষীৰ তদানীন্তন আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে ৰাজহুৱাকৈ ঘোষণা কৰিছিল সুনীল গগৈ জীয়াই আছে । এই বৰ্বৰ হত্যাকাণ্ডৰ তদাৰকী কৰি থকা ডি আই জি সংযুক্তা পৰাশৰেও সুনীল পত্নী পুষ্পা গগৈক নিশ্চয়তা প্ৰদান কৰি আহিছে সুনীল গগৈ জীৱিত আছে বুলি । 

এনে এক দোদুল্যমান অৱস্থাৰ মাজতে  সংগৃহীত তথ্য মতে পলাতক অপৰাধী সুনীল গগৈৰ অৱস্থিতিৰ সম্ভেদ বিগত সময়ছোৱাত আৰক্ষীয়ে লাভ কৰিছিল উত্তৰ প্ৰদেশৰ এখন জিলাত । পৰৱৰ্তী সময়ত চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশতো অৱস্থিতিৰ উমান পোৱা তদন্তকাৰী সংস্থাই আজি পৰ্যন্ত সুনীলক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম নোহোৱাটোৱে অন্য এক চৰ্চাৰ বিষয় হৈ ধৰা দিছে । 

পলাতক তথা অভিযুক্ত সুনীল গগৈৰ জলজীৱন আঁচনি ৰূপায়ণৰ ৰাজমিস্ত্ৰী হিচাপে কৰ্মৰত এইজন জাহাংগীৰ হুছেইনৰ মাংসপিণ্ড বুলি ৮০ দিনৰ মূৰত চিনাক্ত হোৱাৰ পাছত সুনীল পত্নী পুষ্পা গগৈয়ে সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে । গগৈয়ে পূৰ্বৰ স্থিতিতে অটল হৈ কয় যে, লাঁওকোঠ জানৰ  গৰ্ভত উদ্ধাৰ হোৱা  গলিত নৰমুণ্ড সুনীল গগৈৰ নোহোৱাৰ আশংকা তেতিয়াই ব্যক্ত কৰিছিলোঁ, যেতিয়া নৰমুণ্ডৰ লগত উদ্ধাৰ সামগ্ৰী দেখিছিলো । এতিয়া চি আই ডি নিশ্চিত হৈছে মুণ্ডটো ৰাজমিস্ত্ৰীগৰাকীৰ বুলি । 

আৰক্ষীৰ আশ্বাসৰ ভিত্তিতে আজিও কওঁ- সুনীল গগৈ যদি জীয়াই আছে তেন্তে ক’ত আছে সন্ধান লাগে । ঘটনা সংঘটিত হোৱা ১ জুনৰ পৰাই একে স্থিতিত অটল পত্নী পুষ্পা গগৈৰ অসম আৰক্ষীৰ প্ৰতি আহ্বান তদানীন্তন ডি জি পিয়ে নোৱাৰিলে। গতিকে এতিয়া নতুন ভাৰপ্ৰাপ্ত ডি জি পি হৰমিত সিঙে সুনীল গগৈৰ সন্ধান দিয়ক । উলিয়াই দিয়ক জীৱন্তে অথবা মৃত অৱস্থাত।

dhakuakhana