বটদ্ৰৱাত যৌতুকৰ বাবে অত্যাচাৰ পত্নীক

নগাঁও জিলাৰ বটদ্ৰৱা আৰক্ষী থানাৰ অন্তৰ্গত হাইডুবি গাঁৱৰ এগৰাকী বোৱাৰীক স্বামী আৰু স্বামীৰ পৰিয়ালৰ দ্বাৰা যৌতুকৰ বাবে শাৰীৰিক আৰু মানসিক অত্যাচাৰ কৰাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে

author-image
Asomiya Pratidin
New Update
438

ডিজিটেল সংবাদ, বটদ্ৰৱা : নগাঁও জিলাৰ বটদ্ৰৱা আৰক্ষী থানাৰ অন্তৰ্গত হাইডুবি গাঁৱৰ এগৰাকী বোৱাৰীক স্বামী আৰু স্বামীৰ পৰিয়ালৰ দ্বাৰা যৌতুকৰ বাবে শাৰীৰিক আৰু মানসিক অত্যাচাৰ কৰাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে । ঘটনাৰ বিবৰণী অনুসৰি মৰিগাঁও জিলাৰ ভূৰাগাঁৱৰ পৰা তিনি বছৰ পূৰ্বে এইগৰাকী মহিলাক সামাজিকভাৱে বিয়া কৰাই আনিছিল বাহাৰুল ইছলামে।

Advertisment

বিয়াৰ এবছৰ মানৰ পাছৰ পৰা প্ৰায়ে মাৰ-ধৰ কৰি যৌতুক দাবী কৰি আহিছিল বোৱাৰীগৰাকীক। মাজে সময়ে মহিলাগৰাকীৰ দুখীয়া পিতৃয়ে টকা -পইচা দি আছিল, যদিও শেহতীয়াকৈ স্বামী আৰু শাহুৱে চূড়ান্ত পৰ্যায়লৈ গৈ মহিলাগৰাকীক স্পৰ্শকাতৰ ঠাইত বেয়াকৈ মাৰ-ধৰ কৰি ঘৰলৈ পঠিয়াই দিয়াৰ লগতে তিনি তালাক দিয়াৰ ভাবুকি প্ৰদান কৰে।

উপায়ন্তৰ হৈ মহিলাগৰাকীয়ে পিতৃৰ সহযোগত বটদ্ৰৱা থানত দাখিল কৰিছে এজাহাৰ। বৰ্তমান তিনিমহীয়া এটি সন্তানৰ মাতৃ এই গৰাকী মহিলাই ন্যায় বিচাৰি ঘূৰি ফুৰিছে আৰক্ষীৰ দুৱাৰে দুৱাৰে। মহিলাগৰাকীক আৰক্ষীয়ে ন্যায় প্ৰদান কৰিবলৈ সক্ষম হয় নে নহয় সময়ত হ'ব লক্ষ্যণীয়।

Assam police nagaon