/asomiyapratidin/media/media_files/2025/06/17/qVo5ib86cryaZKQwTHIA.jpg)
ডিজিটেল সংবাদ, শিলচৰ: অৱশেষত কাছাৰ আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হ'ল দক্ষিণ শালমাৰা জিলাৰ মানকাছাৰত পত্নীক হত্যা কৰি পলাই থকা হত্যাকাৰী আখিৰুল ইছলাম। কাছাৰ জিলাৰ বৰখলা সমষ্টিৰ ভাংগাৰপাৰত আত্মীৰ ঘৰত আত্মগোপন কৰি থকা অৱস্থাত সোমবাৰে নিশা ভাংগাৰপাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে পত্নীহন্তা আখিৰুল ইছলামক।
মঙলবাৰে মানকাছাৰ আৰক্ষীৰ হাতত গতাই দিয়া হয় অভিযুক্ত আখিৰুল ইছলামক। উল্লেখযোগ্য যে যোৱা ৫ জুনত মানকাছাৰ থানাধীন পিপুলবাৰী দ্বিতীয় খণ্ডৰ বাসিন্দা আখিৰুল ইছলামে তেওঁৰ পত্নীক হত্যা কৰিছিল। গ্ৰেপ্তাৰৰ ভয়ত তেওঁ কাছাৰ জিলাৰ ভাংগাৰপাৰলৈ আহি তিনি দিন ধৰি এজন লোকৰ ঘৰত আত্মগোপন কৰি আছিল।
মানকাছাৰ আৰক্ষীয়ে আখিৰুল ইছলামৰ মোবাইল ফোনৰ লোকেছন ট্যাগ কৰি আখিৰুল ইছলাম ভাংগাৰপাৰত আত্মগোপন কৰি থকাতো নিশ্চিত হয়। নিশ্চিত হোৱাৰ পিছতে ভাংগাৰপাৰ আৰক্ষী চকীত বিষয়টো অৱগত কৰোৱাত সোমবাৰে নিশা ভাংগাৰপাৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া গোবিন্দ শীলে আখিৰুল ইছলামক গ্ৰেপ্তাৰ কৰে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us