Advertisment

ৰঙিয়াত পৰকীয়া প্ৰেমৰ ভয়ংকৰ পৰিণতি, পত্নীয়ে ল’লে স্বামীৰ প্ৰাণ....

এই ঘটনাক কেন্দ্ৰ কৰি জয়ন্তীপুৰত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। ঘটনাস্থলীত আৰক্ষী আৰু দণ্ডাধীশৰ দল উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।

author-image
Asomiya Pratidin
New Update
0

ডিজিটেল সংবাদ,ৰঙিয়াঃ  পুনৰ পৰকীয়া প্ৰেমৰ ঘটনাই দখল কৰিছে বাতৰিৰ শিৰোনাম । ৰঙিয়াৰ জয়ন্তীপুৰত সংঘটিত হৈছে এক লোমহৰ্ষক হত্যাকাণ্ড। পত্নীয়ে পুত্ৰ আৰু প্ৰেমীকৰে মিলি প্ৰাণ ললে স্বামীৰ।

Advertisment

ঘাটক পত্নীয়ে প্ৰেমীকৰ সৈতে মিলি স্বামী বদিৰ আলীৰ প্ৰাণ লোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে । যোৱানিশা স্বামীক হত্যা কৰি অন্য ৰূপ দিয়াৰ চেষ্টা কৰিছিল পত্নীয়ে।

ওচৰ চুবুৰীয়াই মৃত্যুৰ খবৰ পাই ঘটনাস্থলীত উপস্থিত হৈ প্ৰত্যক্ষ কৰে ডিঙিত ৰেপি হত্যা কৰাৰ স্পষ্ট চিন ।

এই ঘটনাক কেন্দ্ৰ কৰি জয়ন্তীপুৰত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। ঘটনাস্থলীত আৰক্ষী আৰু দণ্ডাধীশৰ দল উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।

ইতিমধ্যে ঘাটক পত্নীক আৰক্ষীয়ে আটক কৰিছে । উক্ত ঘটনাৰ উচিত তদন্ত বিচাৰিছে উত্তেজিত ৰাইজে।

ৰঙিয়া