বৰখলাৰ ধলছেৰা বাগানত অঘটন : স্বামীৰ চোকা অস্ত্ৰৰ আক্ৰমণত প্ৰাণ গ’ল পত্নীৰ...

খবৰ পাই নিশাই বৰখলা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অভিযুক্ত স্বামী বুলু গোৱালাক। পাৰিবাৰিক সংঘাতৰ বাবে এই হত্যাকাণ্ড হোৱা বুলি আৰক্ষীৰ সন্দেহ। 

author-image
Asomiya Pratidin
New Update
তিতাবৰত ভূ-লুণ্ঠিত মানৱতাঃ টাইৰুণ চাহ বাগিচাত উদ্ধাৰ নৱজাতক...

ডিজিটেল সংবাদ, শিলচৰ : কাছাৰৰ বৰখলাত সংঘটিত হৈছে নৃশংস হত্যাকাণ্ড। স্বামীৰ হাতত প্ৰাণ গ'ল নিজ পত্নীৰ। স্বামী বুলু গোৱালাই দাৰে ঘপিয়াই হত্যা কৰে পত্নীক। 

উল্লেখযোগ্য যে, বৃহস্পতিবাৰে মাজনিশা ঘৰৰ ভিতৰতে সংঘটিত হৈছে এই হত্যাকাণ্ড। বৰখলাৰ ধলছৰা চাহ বাগিচাত নিশা প্ৰায় ১২-০০ বজাত সংঘটিত হৈছে এই নৃশংস হত্যাকাণ্ড। 

ইফালে, খবৰ পাই নিশাই বৰখলা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অভিযুক্ত স্বামী বুলু গোৱালাক। পাৰিবাৰিক সংঘাতৰ বাবে এই হত্যাকাণ্ড হোৱা বুলি আৰক্ষীৰ সন্দেহ। 

আনহাতে শুকুৰবাৰে পুৱা ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। তাৰোপৰি দণ্ডাধীশৰ উপস্থিতিত  মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে এছ এম চি এইছলৈ প্ৰেৰণ কৰিছে বৰখলা আৰক্ষীয়ে। 

ইফালে, নিজ জীয়ৰীক নিৰ্মমভাৱে হত্যা কৰা বুলু গোৱালাক কঠোৰত শাস্তি দিয়াৰ দাবী জনাইছে মৃতকৰ পিতৃয়ে।

Assam police