পৰ্বতঝোৰা মণ্ডল বিজেপিৰ সংখ্যালঘু কোষৰ উপ-সভাপতি মিজানুৰ ৰহমানৰ বিৰুদ্ধে পত্নীৰ অভিযোগ

কোকৰাঝাৰ জিলাৰ পৰ্বতঝোৰা বগৰিবাৰী থানাৰ অন্তৰ্গত ছাতাগুৰি প্ৰথম খণ্ড গাঁৱৰ মিজানুৰ ৰহমান নামৰ এজন বিজেপি দলৰ সংখ্যালঘু নেতাৰ বিৰুদ্ধে উঠিছে পৰকীয়া প্ৰেমৰ অভিযোগ...

author-image
Asomiya Pratidin
New Update
বিজেপিৰ সংখ্যালঘু কোষৰ উপ-সভাপতি মিজানুৰ ৰহমানৰ বিৰুদ্ধে পত্নীৰ অভিযোগ

ডিজিটেল সংবাদ, পৰ্বতঝোৰা : কোকৰাঝাৰ জিলাৰ পৰ্বতঝোৰা বগৰিবাৰী থানাৰ অন্তৰ্গত ছাতাগুৰি প্ৰথম খণ্ড গাঁৱৰ মিজানুৰ ৰহমান নামৰ এজন বিজেপি দলৰ সংখ্যালঘু নেতাৰ বিৰুদ্ধে উঠিছে পৰকীয়া প্ৰেমৰ অভিযোগ। তাৰোপৰি নিজ পত্নীক শাৰীৰিক আৰু মানসিক অত্যাচাৰ চলোৱাৰ লগতে মাৰপিট কৰি ঘৰৰ পৰা উলিয়াই দিয়াৰ অভিযোগ তুলি বগৰিবাৰী থানাত এজাহাৰ দাখিল কৰিছে পত্নীয়ে।

Advertisment

উল্লেখযোগ্য যে, যি সময়ত শাসকীয় বিজেপি দলে নাৰীক সন্মান আৰু সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি ‘বেটি বচাও, বেটি পঢ়াও’ শীৰ্ষক কাৰ্য্যসূচী ৰূপায়ন কৰিছে, তেনে সময়তে বিজেপি নেতাৰ বিৰুদ্ধে খোদ পত্নীয়ে নাৰী নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰি থানাত এজাহাৰ দাখিল কৰা ঘটনাই ৰাজনৈতিক মহলত তীব্র প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে।

বগৰিবাৰী আৰক্ষীয়ে এইজন শাসকীয় দলৰ নেতাৰ ওপৰত কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ’ব লক্ষণীয় বিষয়।

Assam police bjp kokrajhar