লামডিঙত নৃশংস হত্যাকাণ্ডঃ স্বামীৰ দা'ৰ ঘাপত প্ৰাণ গ'ল পত্নীৰ...

নৃশংসভাৱে হত্যা কৰা ঘটনাই লামডিঙত চাঞ্চল্যৰ সৃষ্টি কৰিছে

author-image
Asomiya Pratidin
New Update
নৱম শ্রেণীৰ ছাত্রীক ধৰ্ষণ ট্রাক চালকৰ…

ডিজিটেল সংবাদ, লামডিঙঃ লামডিঙত বিশ্বকৰ্মা পূজাৰ দিনাই নিশা এক নৃশংস হত্যাকাণ্ড সংঘটিত হয়। জানিব পৰা মতে লামডিং লাল চৰাই অঞ্চলৰ নিবাসী মহেশ ৰাম নামৰ ব্যক্তিজনে তেওঁৰ পত্নীক নিজ গৃহত দাৰে ঘাপিয়াই হত্যা কৰে। পূজাৰ পৰা ঘৰলৈ উভতি যোৱাৰ পলম হোৱা বাবে পত্নী মীনা দেৱীক হত্যা কৰে।

Advertisment

হত্যাকাণ্ড সংঘটিত কৰি ঘটনা স্থলীৰ পৰা পলায়ন কৰে হত্যাকাৰী মহেশ ৰামে। ঘটনা সন্দৰ্ভত লামডিং আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে এতিয়ালৈকে পলাতক অভিযুক্ত হত্যাকাৰীক আটক কৰিব পৰা নাই ৷

অন্যহাতে মীনা দেৱীৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাওঁ অসামৰিক চিকিৎসালয় লৈ প্ৰেৰণ কৰে। দহ গৰাকী সন্তানৰ মাতৃক এইদৰে নৃসংশভাৱে হত্যা কৰা ঘটনাই লামডিঙত চাঞ্চল্য সৃষ্টি কৰিছে।

lamding police