পাৰিবাৰিক কন্দলঃ শিলচৰত পত্নীৰ বঠীৰ আক্ৰমণত ৰক্তাক্ত স্বামী...

পাৰিবাৰিক কন্দলঃ শিলচৰত পত্নীৰ বঠীৰ আক্ৰমণত ৰক্তাক্ত স্বামী...

author-image
Asomiya Pratidin
New Update
পাৰিবাৰিক কন্দলঃ শিলচৰত পত্নীৰ বঠীৰ আক্ৰমণত ৰক্তাক্ত স্বামী...

ডিজিটেল সংবাদ,শিলচৰ: শিলচৰত ভয়ংকৰ ঘটনা । পত্নীয়ে বঠি আৰু চুৰিৰে আক্ৰমণ কৰি গুৰুতৰ আহত কৰিলে নিজ স্বামীক। ভাড়াঘৰত স্বামী বিত্তু দাসক নিৰ্মম ভাবে চোকা অস্ত্ৰেৰে আক্ৰমণ কৰে পত্নী মৌচুমী দাসে। ৰক্তাক্ত অৱস্থাত বিত্তু দাসক উদ্ধাৰ কৰি শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালয়লৈ প্ৰেৰণ কৰে আৰক্ষীয়ে।

Advertisment

এই ভয়ংকৰ ঘটনা সোমবাৰে শিলচৰৰ আশ্ৰম ৰোডৰ গ্ৰীণলেনৰ এটা ভাড়াঘৰত সংঘটিত হয়। হাইলাকান্দি জিলাৰ লালাবজাৰৰ বাসিন্দা বিট্টু দাস পেছাত স্বৰ্ণ মিস্ত্ৰী। কামৰ সূত্ৰে তেওঁ পত্নী মৌচুমীৰ সৈতে আশ্ৰম ৰোডৰ গ্ৰীণলেণ্ডত ভাড়াঘৰত বাস কৰিছিল।

এসপ্তাহ পূৰ্বে বিত্তু দাস আশ্ৰম ৰোডৰ গ্ৰীণ লেনত থকা সমৰ চন্দ্ৰ দাসৰ ঘৰত ভাড়াতীয়া হিচাপে আহিছিল। ঘটনা সন্দৰ্ভত ঘৰৰ মালিক সমৰ দাস,পত্নী ৰিংকি দাস আৰু এজন ভাড়াতীয়াই সংবাদ মাধ্যমক জনোৱা মতে, সোমবাৰে পুৱা হঠাতে চিঞৰ-বাখৰ শুনে। লগে লগে বিত্তু দাসৰ ঘৰলৈ অহাত ঘৰৰ মালিক ৰিংকি দাস আৰু সমৰ চন্দ্ৰ দাসে বিত্তু দাসক ৰক্তাক্ত অৱস্থাত উদ্ধাৰ কৰে।

লগে লগে তেওঁলোকে আৰক্ষীক খবৰ দিয়ে। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ বিত্তু দাসক ৰক্তাক্ত অৱস্থাত উদ্ধাৰ কৰি চিকিৎসাৰ বাবে শিলচৰ মেডিকেল কলেজ হাস্পতালয়লৈ প্ৰেৰণ কৰে। আনহাতে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আক্ৰমণকাৰী পত্নী মৌচুমী দাসক আটক কৰি থানালৈ লৈ যায় । ঘটনাৰ কাৰণ বৰ্তমানেও স্পষ্ট হোৱা নাই যদিও পাৰিবাৰিক কন্দলৰ বাবে বিত্তু দাসক পত্নীয়ে আক্ৰমণ কৰা বুলি সন্দেহ কৰা হৈছে।

Also Read: ৬০ বছৰীয়া ককাকৰ কামনাৰ বলি ১৬ বছৰীয়া কিশোৰী...

Silchar husband wife Silchar news