কাছাৰত ৪৮০ গৰাকী হিতাধিকাৰীৰ মাজত বিধৱা পেঞ্চনৰ চেক বিতৰণ...

২৮ গৰাকীলৈ ১ লাখ টকাৰ বান সাহাৰ্য

author-image
Asomiya Pratidin
New Update
কাছাৰত ৪৮০ গৰাকী হিতাধিকাৰীৰ মাজত  বিধৱা পেঞ্চনৰ চেক বিতৰণ...

Widow Pension Scheme

ডিজিটেল সংবাদ, শিলচৰঃ সমগ্ৰ ৰাজ্যৰ লগতে মঙলবাৰে কাছাৰ জিলাতো ইন্দিৰা মিৰি সাৰ্বজননীন বিধৱা পেঞ্চন আঁচনিৰ অধীনত চেক বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয় ৷ এইবাৰ কাছাৰ জিলাত উক্ত আঁচনিৰ অধীনত মুুুুঠ ৪৮০ গৰাকী বিধৱা মহিলা হিতাধিকাৰীৰ মাজত আৰ্থিক সাহাৰ্য প্ৰদান কৰা হয় ৷

Advertisment

জিলা খনৰ মুঠ ৪৮০ গৰাকী বিধৱা মহিলা হিতাধিকাৰীয়ে চেকৰ জৰিয়তে ২৫ হাজাৰ টকাৰ আৰ্থিক সাহাৰ্য লাভ কৰিব ৷ জিলা প্ৰশাসনৰ উদ্যোগত স্থানীয় গান্ধী ভৱন প্ৰেক্ষাগৃহত আয়োজিত অনুষ্ঠানত উপায়ুক্ত ৰোহন কুমাৰ ঝা , জিলা পৰিষদৰ সভাপতি অমিতাভ ৰাই আৰু ডি ডি চি ৰাজীব ৰয়ে ১০ গৰাকী হিতাধিকাৰীৰ মাজত চেক বিতৰণ কৰি ইন্দিৰা মিৰি সাৰ্বজননীন বিধৱা পেঞ্চন আঁচনিৰ শুভাৰম্ভ কৰে ৷

উক্ত অনুষ্ঠানতে বানত ক্ষতিগ্ৰস্থ মুঠ ২৮ গৰাকী লোকৰ মাজত ১ লাখ টকাকৈ চেক বিতৰণ কৰা হয় ৷

assam govt