/asomiyapratidin/media/media_files/2025/07/03/12345-2025-07-03-13-46-14.jpg)
ডিজিটেল সংবাদ, ঢকুৱাখনা : বিধায়ক নৱ দলেক "আধুনিক ঢকুৱাখনাৰ নিৰ্মাতা" আখ্যাৰে গেৰুৱা দলৰ স্তাৱক বাহিনীয়ে যিমানেই তোষামোদ নকৰক, আধুনিক ঢকুৱাখনাৰ বাস্তৱ ছবিখন একেবাৰে সুকীয়া । ঢকুৱাখনা সমজিলাৰ ঘিলামৰা উন্নয়ন খণ্ডৰ অন্তৰ্গত মৰনৈ গাঁও পঞ্চায়তৰ এটা গ্ৰাম্য পথে ইয়াৰেই নগ্ন ছবি দাঙি ধৰি আহিছে ।
পঞ্চায়তখনৰ ৮নং ৱাৰ্ডৰ অন্তৰ্গত ঘাহিবাৰী গাঁও সংযোগী এটা গ্ৰাম্য পথৰ বছৰ বছৰ জোৰা দুৰৱস্থাই জীয়াতু ভোগাই আহিছে গাঁওবাসীক । দুখনকৈ চৰকাৰী বিদ্যালয়, ৮০ৰো অধিক কৃষিজীৱী পৰিয়ালৰ জীৱন জীৱিকা জড়িত হৈ থকা এই গুৰুত্বপূৰ্ণ পথটো বাৰিষা কালত এবুকু একাঠু পানীত ডুব যোৱা যন্ত্ৰণাক্লিষ্ট অৱস্থা দূৰ কৰাৰ বাবে গাঁওবাসী ৰাইজে খণ্ড উন্নয়ন বিষয়া, বিধায়ক , পঞ্চায়ত সভাপতি সকলোকে দাবী জনাইছিল ।
ৰাইজৰ নেৰা নেপেৰা হেঁচাত ২০২৪বর্ষত উক্ত পথটো নিৰ্মাণ কৰাৰ বাবে প্ৰায় ২৫ লাখ টকা এম জি এনৰেগা আঁচনিৰ শিতানত আবন্টন দিছিল । সেই অনুসৰি ঢকুৱাখনা-ঘূণাসুঁতি পথৰ পৰা ঘাহি বাৰী প্ৰাথমিক বিদ্যালয় সংযোগী পথটো নির্মাণৰ নামত উক্ত পুঁজি আবন্টন হ'ল ঠিকেই , পিছে কামহে নহ'ল ।
মাত্ৰ কেই ট্ৰেক্টৰ মান মাটি পথৰ ওপৰত সিঁচি তিনি গৰাকী গেৰুৱা দলৰ স্বয়ম্ভূ ঠিকাদাৰে প্ৰায় ২লাখ ৩৬ হাজাৰ ১৬০ টকা উলিয়াই নিলে জবকাৰ্ডৰ জৰিয়তে । পৰৱৰ্তী সময়ত পুনৰ গোপনে কামৰ কৰাৰ ভুৱা তথ্য দাখিল কৰি জবকাৰ্ডৰ ডিমাণ্ড দি সমূদায় পুঁজি উদৰস্থ কৰাৰ এক ফন্দি ৰচনা কৰিছে অৰ্থলোভী চক্ৰটোৱে ।
অতি গুৰুত্বপূৰ্ণ এই পথেৰে বৰষুণ দিলে যাতায়ত বিপদ সংকুল হোৱাৰ লগতে বাৰিষা কণ কণ শিক্ষাৰ্থী ,ৰোগীয়া , সাধাৰণ নাগৰিকৰ যাতায়ত দুৰ্বিসহ হৈ পৰে বুলি ভুক্তভোগী গঞাই জানিবলৈ দি কালি ৰাজহুৱা প্ৰতিবাদ সাব্যস্ত কৰে । গাঁওবাসী ৰাইজে পথত অৱস্থান কৰি আমাক যাতায়তৰ সুচল পথ দিয়ক , ঘাহিবাৰী বাসীক নিৰাপত্তা দিয়ক, অৰ্ধনির্মিত ঘাহিবাৰী প্ৰাথমিক বিদ্যালয় সংযোগী পথ সম্পূৰ্ণ কৰক, পথ নিৰ্মাণৰ নামত লুণ্ঠন বন্ধ কৰক ,এম জি এন ৰেগাৰ ১২ লাখ টকাৰ পথ নিৰ্মাণৰ নামত দুৰ্নীতি নচলিব আদি শ্লোগান দি প্ৰতিবাদ সাব্যস্ত কৰে ৰাইজে ।
বিধায়ক নৱ দলেৰ দায়িত্বহীন আৰু বেপৰোৱা ভূমিকা উদঙাই, গ্ৰাম্য উন্নয়নৰ ফোপোলা স্বৰূপ দাঙি ধৰি গঞাই ৰাজহুৱা প্ৰতিবাদ সাব্যস্ত কৰি শীঘ্ৰে এই অৰ্ধ নিৰ্মিত পথ পুনৰ নিৰ্মাণৰ দাবী জনায় । এই ক্ষেত্ৰত খণ্ড উন্নয়ন বিষয়া
জিম্পি শইকীয়া, কনিষ্ঠ অভিযন্তা ,সচিবে গ্ৰহণ কৰা ৰহস্যজনক গুৰুত্বহীন আচৰণৰ ধিক্কাৰ দি জমাকৃত পুঁজি যাতে উদৰস্থ কৰিব নোৱাৰে আৰু শীঘ্ৰে যাতে আধৰুৱা কাম আৰম্ভ কৰে তাৰ বাবে দাবী জনাইছে ।
অন্যথা সবল ধাৰাবাহিক গণতান্ত্ৰিক সংগ্ৰামত নমাৰো সকীয়নী দিছে ভুক্তভোগী ৰাইজে । ঢকুৱাখনা সমজিলাৰ আয়ুক্ত কাৰ্ত্তিক কলিতায়ো গ্ৰামোন্নয়ন বিভাগত সংঘটিত এনে অনিয়মৰ প্ৰতি অন্ধ মুনিৰ ভূমিকা পালি অহাৰো ৰাজহুৱা অভিযোগ উত্থাপন কৰি প্ৰতিবাদ সাব্যস্ত কৰে গাঁওবাসীয়ে।