/asomiyapratidin/media/media_files/2025/05/01/ALlktfToJfxJO0y5TB2T.jpg)
ডিজিটেল সংবাদ, চিৰাং: ভাৰত-ভূটান সীমান্ত বেংতল ৰাজহ চক্ৰৰ অন্তৰ্গত ৪খন ৰাজহ গাঁৱৰ প্ৰায় ২ সহস্ৰাধিক বিঘা কৃষিভূমিত জলসিঞ্চনৰ পানী যোগান ধৰাৰ বাবে টুক্ৰাঝাৰৰ বিৰিঞ্চি নৈত ১৪ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছিল এটা জলসিঞ্চন প্ৰকল্প ।
দুৰ্ভাগ্যজনক কথা যে বিগত ১০টা বছৰত দুৰ্নীতিগ্ৰস্থ ঠিকাদাৰ আৰু বিভাগীয় কতৃপক্ষই চৰম দুৰ্নীতি সংঘটিত কৰি বিসংগতিপূৰ্ণ ভাবে নিৰ্মাণ কৰা ১৪ কোটি টকীয়া জলসিঞ্চন প্ৰকল্পটোৰ পৰা আজিলৈকে কৃষক ৰাইজে খেতিপথাৰত এটোপাল পানী পাবলৈ সক্ষম হোৱা নাই বুলি অভিযোগ উত্থাপন কৰিছে অঞ্চলটোৰ ভুক্তভোগী কৃষক সকলে।
বিৰিঞ্চি নৈৰ এই জলসিঞ্চন প্ৰকল্প নিৰ্মাণৰ নামত চাৰিখন ৰাজহ গাঁৱৰ খেতিয়ক সকলৰ সৈতে চৰম প্ৰতাৰণা কৰা হৈছে যাৰ কাৰণে ভুক্তভোগী খেতিয়ক সকলে একত্ৰিত হৈ দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে সৰব হৈ ওলাই অহা পৰিলক্ষিত হৈছে।
ইউনিয়ন ইৰিগেচন কমিটিৰ সাধাৰণ সম্পাদক সন্তোলা ওৱাৰীয়ে টুক্ৰাঝাৰৰ বিৰিঞ্চি নৈৰ জলসিঞ্চন প্ৰকল্পৰ দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰ সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত কয়,২০১৫ চনৰ ১৭ ফেব্ৰুৱাৰীত তদানীন্তন বিটিচিৰ উপমুখ্য কাৰ্য্যবাহী সদস্য খাম্ফা বৰগয়াৰীয়ে উক্ত জলসিঞ্চন প্ৰকল্পৰ শিল্যান্যাস কৰিছিল আৰু পৰবৰ্তী সময়ত প্ৰকল্পৰ নিৰ্মাণ কাৰ্য্য আৰম্ভ হৈছিল।
উক্ত জলসিঞ্চন প্ৰকল্প নিৰ্মাণৰ দায়িত্ব লাভ কৰিছিল কোকৰাঝাৰৰ ঠিকাদাৰ মনোৰঞ্জন ব্ৰহ্মই। জলসিঞ্চন প্ৰকল্পটোৰ নিৰ্মাণ কাৰ্য্য আৰম্ভ হোৱাৰ পিছত মূলতঃ কৃষিৰ ওপৰতে নিৰ্ভৰশীল অঞ্চলটোৰ ৰাইজ বহু উৎফুল্লিত হৈছিল কাৰণ বছৰৰ পিছত বছৰ ধৰি কেৱল বৰষুণৰ পানীৰ ওপৰত নিৰ্ভৰশীল খেতিয়ক সকলে এতিয়া খৰাং বতৰতো খেতি কৰিবলৈ সক্ষম হব।
দুৰ্ভাগ্যজনক কথা যে তদানীন্তন বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীৰ অতিকৈ ঘনিষ্ঠ ঠিকাদাৰ মনোৰঞ্জন ব্ৰহ্মই ২০১৫ চনৰ পৰা নিৰ্মাণ কাৰ্য্য আৰম্ভ কৰা বিৰিঞ্চি নৈৰ জলসিঞ্চন প্ৰকল্পৰ মূল শ্লুইচ গেটখনৰ নিৰ্মাণকাৰ্য্য সম্পূৰ্ণ কৰে বিগত ২০২৪ চনত। প্ৰায় ১০ বছৰ নিৰ্মাণ কাৰ্য্য চলোৱাৰ পিছতো আজিলৈকে সম্পূৰ্ণ কৰিব পৰা নাই প্ৰকল্পটোৰ নিৰ্মাণ কাম ।
তাতকৈও গুৰুত্বপূৰ্ণ বিষয়টো হৈছে যে দুৰ্নীতিগ্ৰস্থ ঠিকাদাৰ গৰাকী আৰু জলসিঞ্চন বিভাগৰ ভ্ৰষ্টাচাৰী অভিযন্তা সকলোৰে মিলি ব্যাপক হাৰত দুৰ্নীতি কৰি জলসিঞ্চন প্ৰকল্পটোৰ নিৰ্মাণৰ নামত ইমানেই বিসংগতি কৰিছে যে শ্লুইচ গেটৰ পৰা খেতিপথাৰত পানী যোৱাৰ পৰিবৰ্তে খেতিপথাৰৰ পৰা পানী উলোটাই শ্লুইচ গেটত আহে বুলি সন্তোলা ওৱাৰীয়ে অভিযোগ কৰে।
তেখেতে আৰু কয় যে উক্ত জলসিঞ্চন প্ৰকল্পটোৰ পৰা চাৰিখন ৰাজহ গাঁৱৰ খেতিপথাৰত পানী যোগান ধৰিবলৈ ৩০০০ হেজাৰ মিটাৰ জলসিঞ্চনৰ নলা নিৰ্মাণৰ কথা আছিলে কিন্তু দুৰ্নীতিগ্ৰস্থ ঠিকাদাৰ গৰাকীয়ে ৩০০০ হেজাৰ মিটাৰ নলাৰ বিপৰীতে নিৰ্মাণ কৰিছে মাত্ৰ ৮০০ মিটাৰ তাকো আধৰুৱা অৱস্থাতে পেলাই ৰাখিছে।
বিৰিঞ্চি নৈৰ জলসিঞ্চন প্ৰকল্পৰ নিৰ্মাণৰ নামত সংঘটিত হোৱা দুৰ্নীতি আৰু কৃষক সকলৰ সৈতে কৰা প্ৰতাৰণা সন্দৰ্ভত ইউনিয়ন ইৰিগেচন কমিটি ফালৰ পৰা যোৱা বছৰ জিলা আয়ুক্তক লিখিত অভিযোগ কৰা হৈছিল। যাৰ প্ৰতিলিপি স্থানীয় বিধায়ক জয়ন্ত বসুমতাৰী, কাৰ্য্যবাহী সদস্য ৰঞ্জিত বসুমতাৰীক প্ৰেৰণ কৰা হৈছিল কিন্তু আজিলৈকে ইয়াৰ বিৰুদ্ধে কনো পদক্ষেপ কৰা পৰিলক্ষিত হোৱা নাই ।
যাৰ কাৰণে বেংতল-টুক্ৰাঝাৰ অঞ্চলৰ চাৰিখন ৰাজহ গাঁৱৰ পাঁচ সহস্ৰাধিক লোকৰ অসুবিধাৰ প্ৰতি লক্ষ্য ৰাখি বৰ্তমান বিটিচিৰ মুখ্য কাৰ্য্যবাহী প্ৰমোদ বড়োলৈ আহ্বান যে এই বিসংগতিপূৰ্ণ আৰু আধৰুৱা হৈ থকা জলসিঞ্চন প্ৰকল্পটো পুনৰ কাৰ্য্যক্ষম কৰাৰ ব্যবস্থা কৰি অঞ্চলটোৰ খেতিয়ক সকলক উপকৃত কৰে যেন ।