/asomiyapratidin/media/media_files/2025/05/02/SNSJ0mjiWnLLplSTse4D.jpg)
মুখ্যমন্ত্ৰীৰ প্ৰচাৰ সভা
ডিজিটেল সংবাদ, শুৱালকুছি: দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰৰ বাবে শুৱালকুছিৰ সেউজ বালিচৰত উপস্থিত হয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা। আবেলি শুৱালকুছি বালিচৰত অনুষ্ঠিত হোৱা নিৰ্বাচনী সভাত অংশ গ্ৰহণ কৰি হাজো - শুৱালকুছি সমষ্টিৰ ৰাইজক নিৰ্বাচনী ভাষণ প্ৰদান কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে।
পূৰ্বৰ উন্নয়ন খতিয়ান দাঙি ধৰি আগন্তুক দিনতো উন্নয়নৰ ধাৰা অব্যাহত ৰাখিবলৈ পুনৰ বিজেপিক পঞ্চায়ত নিৰ্বাচন ভোট দিবলৈ আহ্বান জনাই হিমন্ত বিশ্ব শৰ্মাই৷ আনহাতে, পেহেলগামৰ ঘটনাৰ বাবে এইবাৰ নিৰ্বাচনত দুখ প্ৰকাশ কৰি নাচ - গানৰ পৰা বিৰত আছে বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে।
ইফালে বাংলাদেশৰ এগৰাকী প্ৰাক্তন সেনা বিষয়াই উত্তৰ-পূব ভাৰতৰ ৭ ৰাজ্য দখল কৰিব বুলি হুংকাৰ দিয়া সন্দৰ্ভত মূখ্যমন্ত্ৰী গৰাকীৰ প্ৰতিক্ৰিয়া কৰি কয় যে, বাংলাদেশৰ কোনো শক্তিয়েই নাই, এইয়া সংবাদ মাধ্যমৰ সৃষ্টিহে। আনহাতে, নলবাৰীত গৌৰৱ গগৈক কলা পতাকা প্ৰদৰ্শন সন্দৰ্ভত মন্তব্য দিয়াৰ পৰা বিৰত থাকে মুখ্যমন্ত্ৰী গৰাকী।