/asomiyapratidin/media/media_files/2025/07/02/web-ap-modi-2025-07-02-12-08-51.jpg)
ডিজিটেল ডেস্কঃ আজিৰ পৰা পাঁচখন দেশ ঘানা, ট্ৰিনিদাদ এণ্ড ট’বাগো, আৰ্জেণ্টিনা, ব্ৰাজিল আৰু নামিবিয়ালৈ ভ্ৰমণ আৰম্ভ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। ভ্ৰমণৰ সময়ছোৱাত তেওঁ এই দেশসমূহৰ ৰাষ্ট্ৰপতি আৰু চৰকাৰৰ মুৰব্বীসকলক সাক্ষাৎ কৰিব। পাৰস্পৰিক সহযোগিতা আৰু উন্নয়নৰ বিষয়ে আলোচনা কৰিব।
ইয়াৰ মাজতে শ্ৰী মোদীয়ে ব্ৰিকছ শীৰ্ষ সন্মিলনতো অংশগ্ৰহণ কৰিব। প্ৰধানমন্ত্ৰী মোডীয়ে প্ৰথমে ঘানা ভ্ৰমণ কৰিব আৰু ভ্ৰমণৰ অন্তিম পৰ্যায়ত দেশলৈ উভতি অহাৰ সময়ত নামিবিয়া ভ্ৰমণ কৰিব। প্ৰধানমন্ত্ৰী মোডীৰ এই ৮ দিনীয়া বিদেশ ভ্ৰমণত যে গ্ল’বেল চাউথৰ ভাৰতীয় এজেণ্ডাই নতুন দিশ লাভ কৰিব বুলি আশা প্ৰকাশ কৰিছে।
প্ৰধানমন্ত্ৰীগৰাকীয়ে যোৱা সকলো দেশ আফ্ৰিকান আৰু লেটিন আমেৰিকান। যি সময়ত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ নীতিৰ বাবে আমেৰিকাৰ প্ৰতি বিশ্বব্যাপী আশংকা বৃদ্ধি পাইছে, সেই সময়ত ভাৰতে পৰিৱৰ্তিত ভূ-ৰাজনীতিত নিজৰ নতুন ভূমিকা বিচাৰিছে। এই কাৰণেই প্ৰধানমন্ত্ৰী মোডীৰ এই বিদেশ ভ্ৰমণ অতি বিশেষ।
আনহাতে ভাৰতৰ নিজৰ লাভৰ বাবেও এই সকলোবোৰ দেশৰ সৈতে উন্নত সম্পৰ্কই ভৱিষ্যতে গুৰুত্বপূৰ্ণ ভূমিকা ল’বলৈ গৈ আছে। উল্লেখ্য যে, ঘানালৈ শ্ৰী মোডীৰ এয়াই প্ৰথম দ্বিপাক্ষিক ভ্ৰমণ। এই সময়ছোৱাত প্ৰধানমন্ত্ৰীয়ে ঘানাৰ ৰাষ্ট্ৰপতিৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হ’ব। দুয়োগৰাকী নেতাই শক্তিশালী দ্বিপাক্ষিক অংশীদাৰিত্বৰ পৰ্যালোচনা কৰিব।
অৰ্থনৈতিক, শক্তি, প্ৰতিৰক্ষা সহযোগিতা আৰু উন্নয়নমূলক সহযোগিতা বৃদ্ধিৰ উপায়ৰ বিষয়েও আলোচনা কৰিব। পশ্চিম আফ্ৰিকাৰ অন্যতম দ্ৰুতগতিত বৃদ্ধি পোৱা অৰ্থনীতি ঘানা। ভাৰত আৰু ঘানাৰ মাজত বাণিজ্য আৰু বিনিয়োগ অহৰহ বৃদ্ধি পাইছে। ঘানাৰ পৰা ভাৰতৰ আমদানিৰ ৭০%তকৈ অধিক সোণ। ঘানাৰ বাবে ভাৰত হৈছে সৰ্বাধিক ৰপ্তানিকাৰক দেশ।
ঘানাৰ পিছত প্ৰধানমন্ত্ৰী মোডীয়ে ট্ৰিনিদাদ আৰু ট’বাগো ভ্ৰমণ কৰিব। ৩ আৰু ৪ জুলাইত তেওঁ ইয়াত উপস্থিত হ’ব, য’ত প্ৰধানমন্ত্ৰী মোডীয়ে ৰাষ্ট্ৰপতি ক্ৰীষ্টিন কাৰ্লা কংগালু আৰু প্ৰধানমন্ত্ৰী কমলা প্ৰসাদ বিছেছাৰক সাক্ষাৎ কৰিব। তাত সংসদৰ যৌথ অধিৱেশনতো ভাষণ দিব প্ৰধানমন্ত্ৰীয়ে।
উল্লেখযোগ্য যে, ট্ৰিনিদাদ আৰু ট’বাগোৰ এই দুয়োজন নেতা ভাৰতীয় মূলৰ। ভাৰতীয় মূলৰ ৪০-৪৫% লোক ইয়াত কেৰিবিয়ান অঞ্চলত বাস কৰে। এয়া হ’ব প্ৰধানমন্ত্ৰী মোডীৰ প্ৰথমটো ট্ৰিনিদাদ আৰু ট’বাগো ভ্ৰমণ। লগতে ১৯৯৯ চনৰ পিছত ভাৰতৰ প্ৰধানমন্ত্ৰীৰ এয়া প্ৰথম দ্বিপাক্ষিক ভ্ৰমণ।
২০২৪ চনৰ নৱেম্বৰ মাহত প্ৰধানমন্ত্ৰীয়ে গায়ানা ভ্ৰমণ কৰিছিল। ৮ মাহৰ ভিতৰত কেৰিবিয়ান অঞ্চললৈ এয়া তেওঁৰ দ্বিতীয় ভ্ৰমণ। ইয়াৰ পৰাই বুজা যায় যে ভাৰতে এই অঞ্চলটোক কিমান গুৰুত্ব দিয়ে। এই ভ্ৰমণৰ জৰিয়তে ভাৰতীয় অনুপ্ৰৱেশকাৰীৰ ট্ৰিনিদাদ আৰু ট’বাগোত আগমনৰ ১৮০ বছৰ সম্পূৰ্ণ হোৱাৰ উদযাপন কৰা হ’ব। ভাৰত আৰু ট্ৰিনিদাদ আৰু ট’বাগোৰ অৰ্থনৈতিক সম্পৰ্ক অতি শক্তিশালী হৈ পৰিছে। ২০২৪-২৫ বিত্তীয় বৰ্ষত দুয়োখন দেশৰ মাজত মুঠ বাণিজ্য ৩৪১.৬১ মিলিয়ন ডলাৰ হৈছেগৈ।
ইয়াৰ পাছতে ৪-৫ জুলাইত আৰ্জেণ্টিনা ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে। তেওঁ ৰাষ্ট্ৰপতি জেভিয়াৰ মিলীৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হ’ব। প্ৰতিৰক্ষা, কৃষি, খনন, তেল আৰু গেছ, নবীকৰণযোগ্য শক্তি, বাণিজ্য আৰু বিনিয়োগ আদি ক্ষেত্ৰত ভাৰত-আৰ্জেণ্টিনাৰ অংশীদাৰিত্ব আৰু অধিক শক্তিশালী কৰাৰ উপায়ৰ ওপৰত দুয়োগৰাকী নেতাই আলোচনা কৰিব।
আৰ্জেণ্টিনাৰ ৰাষ্ট্ৰপতি মিলীক আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ ‘প্ৰিয় ৰাষ্ট্ৰপতি’ হিচাপে গণ্য কৰা হয়। ৫৭ বছৰৰ পাছত ভাৰতৰ প্ৰধানমন্ত্ৰীৰ এয়া প্ৰথমবাৰৰ বাবে আৰ্জেণ্টিনা ভ্ৰমণ। ইয়াৰ পূৰ্বে ২০২৪ চনৰ নৱেম্বৰ মাহত ৰিঅ’ ডি জেনেইৰ’ত অনুষ্ঠিত হোৱা জি-২০ সন্মিলনৰ সময়ত দুয়োগৰাকী নেতাই বৈঠকত মিলিত হৈছিল।
ভাৰত আৰু আৰ্জেণ্টিনাই খনিজ সম্পদ খণ্ডত দ্বিপাক্ষিক সহযোগিতা বৃদ্ধি কৰিছে। বিশেষকৈ লিথিয়ামৰ ক্ষেত্ৰত। ভাৰতৰ সেউজ শক্তিৰ বাবে লিথিয়াম অতি গুৰুত্বপূৰ্ণ। ভাৰতলৈ সৰিয়হ আৰু সূৰ্যমুখী তেলৰ প্ৰধান যোগানকাৰী আৰ্জেণ্টিনাও। ২০২৪ চনত ভাৰত আৰ্জেণ্টিনাৰ পঞ্চম বৃহত্তম বাণিজ্যিক অংশীদাৰ আৰু ৰপ্তানি অংশীদাৰ আছিল।
৫ৰ পৰা ৮ জুলাইলৈ প্ৰধানমন্ত্ৰীয়ে ব্ৰাজিল ভ্ৰমণ কৰিব। ইয়াত তেওঁ ২০২৫ চনৰ ১৭ সংখ্যক ব্ৰিকছ শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰিব। ইয়াৰ পিছত তেওঁ ব্ৰাজিললৈ ৰাজ্যিক ভ্ৰমণলৈ যাব। এয়া হ’ব প্ৰধানমন্ত্ৰীৰ চতুৰ্থটো ব্ৰাজিল ভ্ৰমণ। ৰিঅ’ ডি জেনেইৰ’ত অনুষ্ঠিত হ’ব ১৭ সংখ্যক ব্ৰিকছ নেতা সন্মিলন। এই সন্মিলনৰ সময়ত প্ৰধানমন্ত্ৰীয়ে বিশ্বজনীন বিষয়ত মতামত প্ৰদান কৰিব।
সন্ত্ৰাসবাদৰ ক্ষেত্ৰত ভাৰতে বিশ্বৰ আগত নিজৰ পক্ষ দাঙি ধৰাৰ এক সুন্দৰ সুযোগ। এইবোৰৰ উপৰিও বিশ্ব শাসন, শান্তি আৰু নিৰাপত্তা, বহুপক্ষীয়তা শক্তিশালী কৰা, কৃত্ৰিম বুদ্ধিমত্তাৰ (AI) দায়িত্বশীল ব্যৱহাৰ, জলবায়ুৰ ব্যৱস্থা, বিশ্ব স্বাস্থ্য আৰু অৰ্থনৈতিক আৰু বিত্তীয় বিষয়সমূহৰ সংস্কাৰসমূহো অন্তৰ্ভুক্ত কৰা হ’ব।
এই সন্মিলনৰ সময়ত তেওঁৰ কেইবাখনো দ্বিপাক্ষিক বৈঠক হোৱাৰ সম্ভাৱনা আছে। ৰাজ্যিক ভ্ৰমণৰ বাবে ব্ৰাজিলিয়ালৈ যাব প্ৰধানমন্ত্ৰী। তাত তেওঁ ৰাষ্ট্ৰপতি লুইজ ইনাছিঅ’ লুলা দা চিলভাৰ সৈতে বাণিজ্য, প্ৰতিৰক্ষা, শক্তি, মহাকাশ, প্ৰযুক্তি, কৃষি আৰু স্বাস্থ্যৰ দৰে পাৰস্পৰিক স্বাৰ্থৰ ক্ষেত্ৰত কৌশলগত অংশীদাৰিত্ব বহল কৰাৰ বাবে আলোচনা কৰিব। দক্ষিণ আমেৰিকাত ভাৰতৰ সৰ্ববৃহৎ বাণিজ্যিক অংশীদাৰ ব্ৰাজিল।
ভ্ৰমণৰ অন্তিম পৰ্যায়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী অহা ৯ জুলাইত নামিবিয়ালৈ যাব। এয়া হ’ব প্ৰধানমন্ত্ৰী মোডীৰ নামিবিয়া ভ্ৰমণ। এই ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰপতি ণ্ডেমুপেলিলা নেটুম্বো নণ্ডি-ণ্ডাইটৱাহৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হ’ব। নামিবিয়াৰ সংসদতো ভাষণ দিব শ্ৰী মোডীয়ে। শেহতীয়া বছৰবোৰত ভাৰত আৰু নামিবিয়াৰ মাজত বাণিজ্য বৃদ্ধি পাইছে। ২০০০ চনত ই ৩০ লাখ ডলাৰৰ কম আছিল যি এতিয়া প্ৰায় ৬০ কোটি ডলাৰলৈ বৃদ্ধি পাইছে।
উল্লেখ কৰা প্ৰয়োজন যে, সেয়া লক্ষ্যণীয় হ'ব।