অসমীয়া ভাষাৰ প্ৰাণ প্ৰতিষ্ঠাতা হেমচন্দ্ৰ বৰুৱা, গুণাভিৰাম বৰুৱা আৰু আনন্দৰাম ঢেকিয়াল ফুকনক উপেক্ষা কিয় ?

সদৌ অসম ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকলেও অসমীয়া ভাষা- সাহিত্যক সংকটৰ সময়ত সঞ্জীৱনী ঢালি উজ্জীৱিত কৰি তোলা এই ত্ৰিমুৰ্তিক উচিত সন্মান প্ৰদানৰ বাবে ৰাজ্য চৰকাৰক প্ৰস্তাৱ আগবঢ়োৱাৰ অৱকাশ আছিল যদিও এই দায়িত্ব পালন কৰা দেখা নগ'ল ছাত্ৰ সন্থাৰ নেতৃত্বক।

author-image
Asomiya Pratidin
New Update
হেমচন্দ্ৰ বৰুৱা, গুণাভিৰাম বৰুৱা আৰু আনন্দৰাম ঢেকিয়াল ফুকনক উপেক্ষা কিয়

হেমচন্দ্ৰ বৰুৱা, গুণাভিৰাম বৰুৱা আৰু আনন্দৰাম ঢেকিয়াল ফুকনক উপেক্ষা কিয়

ডিজিটেল ডেস্ক : দেওবাৰে অনুষ্ঠিত হোৱা ৰাজ্যিক কেবিনেট বৈঠকৰ পূৰ্বে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা মিলিত হয় সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বৰ সৈতে। অসম চুক্তিৰ ৬ নং দফাৰ সন্দৰ্ভত অনুষ্ঠিত এই বৈঠকত ৰাজ্যৰ শিক্ষা, সংস্কৃতিকে ধৰি প্ৰায় ৩৮ টা বিষয়কলৈ আলোচনা হয়। বৈঠকত উপস্থিত থাকে আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য, সভাপতি উৎপল শৰ্মা আৰু সাধাৰণ সম্পাদক সমীৰণ ফুকন। 

Advertisment

দেওবাৰে কেবিনেটে লোৱা এই সিদ্ধান্তবোৰ ৰাজহুৱা কৰা সংবাদমেলত মুখ্যমন্ত্ৰীৰে আছুৰ সৈতে হোৱা বৈঠকৰ সিদ্ধান্তসমূহো সংবাদ মাধ্যমক অৱগত কৰে।

অসমীয়া ভাষা- সংস্কৃতিৰ বিকাশ আৰু উত্তৰণৰ বাবে শেহতীয়াকৈ আছুৰ সৈতে এই গুৰুত্বপূৰ্ণ বৈঠকখন অনুষ্ঠিত হোৱা বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰিলেও এই ক্ষেত্ৰত অসমীয়া ভাষাৰ প্ৰাণ প্ৰতিষ্ঠা আৰু ভাষাটোক তুলি ধৰাত ভূমিকা পালন কৰা ৩ অসমীয়া সাহিত্যিকক যেন উপেক্ষিত কৰিলে।

প্ৰণিধানযোগ্য যে অসম সাহিত্য সভাৰ বজালী অধিবেশনত সাহিত্য সভাৰ নৱনিৰ্বাচিত সভাপতি ড০ বসন্ত গোস্বামীয়ে আহ্বান জনাইছিল যে হেমচন্দ্ৰ বৰুৱাৰ নামত ৰাজ্য চৰকাৰে তেজপুৰ বিশ্ববিদ্যালয়ত আসন আৰু প্ৰতিমুৰ্তি স্থাপনকে ধৰি প্ৰথমখন অসমীয়া অভিধান আৰু ব্যাকৰণ প্ৰণেতাগৰাকীক উপযুক্ত সন্মান প্ৰদান কৰিবলৈ।

একেদৰে বৃটীছৰ শাসনকালত অসমীয়া ভাষালৈ অহা প্ৰবল প্ৰত্যাহ্বান ফালি ভাষাটোক প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত আনন্দৰাম ঢেকিয়াল ফুকন আৰু গুণাভিৰাম বৰুৱাৰ ক্ষেত্ৰতো চৰকাৰে অনুৰূপ ব্যৱস্থা গ্ৰহণৰ প্ৰস্তাৱ ৰখা হৈছিল। সেই ত্ৰিমুৰ্তিৰ বাবেই অসমীয়া ভাষাৰ অস্তিত্ব ৰক্ষা হৈছিল আৰু তাৰ আধাৰতেই লক্ষ্মীনাথ বেজবৰুৱা, পদ্মনাথ গোহাঞিবৰুৱা আদিয়ে অসমীয়া ভাষাত সাহিত্য চৰ্চা কৰাৰ অৱকাশ পাইছিল। 

সেয়েহে পদ্মনাথ গোহাঞিবৰুৱা আৰু লক্ষ্মীনাথ বেজবৰুৱাই বিশেষকৈ হেমচন্দ্ৰ বৰুৱাৰ অসমীয়া ভাষালৈ অৱদানৰ কথা স্বীকাৰ কৰিছিল। এই বিষয়ে দুয়োগৰাকী বৰেণ্য সাহিত্যিকে হেমকোষৰ পাতনিতো কৃতজ্ঞতা স্বীকাৰ কৰিছে। সাহিত্য সভাৰ দৰে এটা জাতীয় অনুষ্ঠানৰ এনে প্ৰস্তাৱ তথা আহ্বানৰ প্ৰতি ৰাজ্য চৰকাৰে কোনো প্ৰতিক্ৰিয়া আৰু ব্যৱস্থা গ্ৰহণ নকৰাত জাতীয় জীৱনতো ইয়াকলৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

আনহাতে সদৌ অসম ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকলেও অসমীয়া ভাষা- সাহিত্যক সংকটৰ সময়ত সঞ্জীৱনী ঢালি উজ্জীৱিত কৰি তোলা এই ত্ৰিমুৰ্তিক উচিত সন্মান প্ৰদানৰ বাবে ৰাজ্য চৰকাৰক প্ৰস্তাৱ আগবঢ়োৱাৰ অৱকাশ আছিল যদিও এই দায়িত্ব পালন কৰা দেখা নগ'ল ছাত্ৰ সন্থাৰ নেতৃত্বক। বৈঠকৰ পাছতে ছাত্ৰ সন্থাৰ এই স্থিতিক লৈও সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ।

উল্লেখযোগ্য যে অসমীয়া ভাষাই ধ্ৰুপদী স্বীকৃতি লাভ কৰাৰ পাছত অসমত থকা দুখন কেন্দ্ৰীয় বিশ্ববিদ্যালয়ত ৰাজ্য চৰকাৰে শেহতীয়াকৈ তেজপুৰ বিশ্ববিদ্যালয়ত পদ্মনাথ গোহাঞিবৰুৱাৰ আসন প্ৰতিষ্ঠাৰে অসমীয়া বিভাগ আৰু শিলচৰ অসম বিশ্ববিদ্যালয়ত লক্ষ্মীনাথ বেজবৰুৱাৰ আসন প্ৰতিষ্ঠাৰে অসমীয়া বিভাগ খোলাৰ কথা ঘোষণা কৰিছে। 

সেয়া এক শুভবাৰ্তা যদিও হেমচন্দ্ৰ বৰুৱা, গুণাভিৰাম বৰুৱা আৰু আনন্দৰাম ঢেকিয়াল ফুকনৰ দৰে ভাষাৰ ওখ দৌল বান্ধি নুমাবলগীয়া অসমীয়াৰ নাম জগত সভাত জিলিকাই ৰখা এই ত্ৰিমুৰ্তিৰ ক্ষেত্ৰতো ৰাজ্য চৰকাৰে অনুৰূপ সিদ্ধান্ত গ্ৰহণেৰে উপযুক্ত সন্মান প্ৰদৰ্শনৰ দাবী উত্থাপন হৈ আহিছে। অনাগত দিনত ড০ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে কি ভূমিকা পালন কৰে আৰু অসম সাহিত্য সভা, আছুৰ নেতৃত্বৰ প্ৰতিক্ৰিয়া লক্ষ্যণীয় হ’ব।

হেমচন্দ্ৰ বৰুৱা