কাৰ ভুলৰ বাবে কংগ্ৰেছ শূণ্য হ'ল নদুৱাৰ সমষ্টিত?

টকা লৈয়ো কংগ্ৰেছৰ প্ৰাৰ্থী দিব নোৱাৰাৰ অভিযোগ সভাপতি গৰাকীৰ বিৰুদ্ধে ৷ দাদুল বৰকাকতিৰ বাবেই নদুৱাৰ সমষ্টিত কংগ্ৰেছ দল বিগজিৰ' হোৱা বুলি মন্তব্য কৰে একাংশ নিষ্ঠাৱান কংগ্ৰেছ কৰ্মীয়ে ৷

author-image
Asomiya Pratidin
New Update
কাৰ ভুলৰ বাবে কংগ্ৰেছ শূণ্য হ'ল নদুৱাৰ সমষ্টিত?

কাৰ ভুলৰ বাবে কংগ্ৰেছ শূণ্য হ'ল নদুৱাৰ সমষ্টিত?

ডিজিটেল সংবাদ, জামুগুৰিহাটঃ নদুৱাৰ সমষ্টিত পঞ্চায়তৰ এশ শতাংশ আসনতেই বিজেপি দলে বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হোৱাত এতিয়া ক্ষোভিত হৈ পৰিছে কংগ্ৰেছৰ একাংশ দলীয় নেতা কৰ্মী ৷ এইবাৰ নিৰ্বাচনত ভোট দিবলৈ নাপাই কংগ্ৰেছ নেতা কৰ্মীয়ে শোণিতপুৰ জিলা কংগ্ৰেছৰ সভাপতি দাদুল বৰকাকতীকেই দোষাৰোপ কৰি ক্ষোভিত হোৱা দেখা গৈছে৷ 

টকা লৈয়ো কংগ্ৰেছৰ প্ৰাৰ্থী দিব নোৱাৰাৰ অভিযোগ সভাপতি গৰাকীৰ বিৰুদ্ধে ৷ দাদুল বৰকাকতিৰ বাবেই নদুৱাৰ সমষ্টিত কংগ্ৰেছ দল বিগজিৰ' হোৱা বুলি মন্তব্য কৰে একাংশ নিষ্ঠাৱান কংগ্ৰেছ কৰ্মীয়ে ৷ ইয়াৰ মাজতে নদুৱাৰ মণ্ডল মহিলা কংগ্ৰেছৰ সভানেত্ৰী সম্পূৰ্ণা শইকীয়াই জিলা কংগ্ৰেছৰ সভাপতি দাদুল বৰকাকতিৰ বিৰূদ্ধে উত্থাপন কৰা গুৰুতৰ অভিযোগৰ অডিঅ ৰেকৰ্ডও ভাইৰেল হৈ পৰিছে৷

পঞ্চায়ত নিৰ্বাচন পঞ্চায়ত কংগ্ৰেছ নদুৱাৰ সমষ্টি