/asomiyapratidin/media/media_files/2025/04/29/YLHOwjxR50YGXU91lOUP.jpg)
ভাঙি পৰিল মা মহামায়া স্নানঘাট মন্দিৰৰ কৃত্ৰিমভাবে নিৰ্মিত গছ
ডিজিটেল সংবাদ, পৰ্বতঝোৰাঃ মা মহামায়া স্নানঘাট মন্দিৰত কৃত্ৰিমভাবে চিমেণ্টৰ দ্বাৰা নিৰ্মান কৰা বৃহৎ আকাৰৰ গছ এডাল নিশা ধুমুহাত ভাঙি দিঘেশ্বৰী মন্দিৰৰ ওপৰত পৰে। উল্লেখ্য যে, কৃত্ৰিমভাবে নিৰ্মান হোৱা প্ৰকাণ্ড গছ জোপাৰ বহুদিনৰ আগতে ফাট মেলিছিল।
মন্ত্ৰী পীযুষ হাজৰিকাই পুনৰ নিৰ্মাণ কৰি দিয়াৰ প্ৰতিশ্ৰুতি দিছিল মন্দিৰ পৰিচালনা সমিতিক। লগতে চুক্তি কৰি মন্দিৰ ভাগ পুনৰ নিৰ্মান কৰাৰ বাবে মানুহ পঠাই দিয়াৰ লগতে নিৰ্মান আৰ্হি(মডেল) পঠিয়াই দিছিল।
/asomiyapratidin/media/media_files/2025/04/29/80YzUU3jjFEvAN1mk9rp.jpeg)
কিন্তু আজিকোপতি নিৰ্মাণ কাম নকৰিলে চৰকাৰে। আনফালে বিটিআৰৰ মুৰব্বী প্রমোদ বড়োৱে মন্দিৰ ভাগ নিৰ্মান কৰাৰ বাবে অভিযন্তা, বিষয়া আদি পঠিয়াই দিয়ে ঠিকেই কিন্তু নিৰ্মানৰ কাম আৰম্ভ নোহোৱাৰ ফলত এই বৃহৎ ক্ষতি সাধন হয়। যাৰবাবে পৰিচালনা সমিতিয়ে সংবাদ মাধ্যমৰ আগত দুখঃ প্ৰকাশ কৰে।