বৰপেটা-ধুবুৰীত কাক টিকট দিব অগপই...

বৰপেটা-ধুবুৰীত কাক টিকট দিব অগপই...

ডিজিটেল ডেস্কঃ সকলো জল্পনা-কল্পনাৰ অন্ত পেলাই দেওবাৰে নিশা অসম গণ পৰিষদে লোকসভা নিৰ্বাচনৰ বাবে দুটা সমষ্টিৰ বাবে প্ৰক্ষেপিত প্ৰাৰ্থীৰ নাম ঘোষণা কৰিব। দেওবাৰে নিশা প্ৰাৰ্থী নিৰ্বাচনৰ চূড়ান্ত প্ৰক্ৰিয়া সমাপন হব বুলি ঘোষণা কৰিলে অগপ নেতা বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই। অগপ জ্যেষ্ঠ নেতাগৰাকীয়ে সদৰি কৰা অনুসৰি- এই দুটা লোকসভা সমষ্টিৰ বাবে বৰপেটাৰ পৰা ৭গৰাকী আৰু ধুবুৰীৰ পৰা ৫গৰাকী প্ৰাৰ্থীয়ে আবেদন কৰিছে।

উল্লেখ কৰা প্ৰয়োজন যে, এই দুটা সমষ্টিত প্ৰাৰ্থিত্ব তালিকাৰ শীৰ্ষত আছে দুগৰাকী নেতা। বৰপেটাত ফণীভূষণ চৌধুৰী আৰু ধুবুৰীত অগপ নেতা জাবেদ ইছলামৰ নামতে অগপ নেতৃত্বই শেষ মোহৰ মাৰিব বুলি চৰ্চা চলিছে। চৰ্চা তীব্ৰতৰ হোৱাৰ পাছতে ইতিমধ্যে ফণীভূষণ চৌধুৰীয়ে বিধানসভা সমষ্টি বঙাইগাওঁ এৰি নাযাও বুলিও এক ইংগিত প্ৰদান কৰিছে।

সেয়া যি কি নহলেও অগপৰ কেন্দ্ৰীয় নেতৃত্বই বৰপেটাত ফণীভূষণ চৌধুৰীৰ ওপৰতে শেষ ভৰষা ৰাখিব বুলি ৰাজনৈতিক বিশ্লেষকসকলে মত প্ৰকাশ কৰিছে। ইফালে জাবেদ ইছলামে প্ৰাৰ্থিত্ব লাভ আশাত আৰম্ভ কৰিছে নিৰ্বাচনী কুছ-কাৱাজ। এতিয়া দেওবাৰে নিশাহে চূড়ান্ত হব যে, অগপই এই লোকসভা সমষ্টি দুটাত কাক প্ৰাৰ্থিত্ব প্ৰদান কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in