২০২৬ত কোনে লাভ কৰিব কমলপুৰ সমষ্টিৰ টিকট?

দিগন্ত কলিতাই সদৰী কৰে, "টিকট কাক দিব সেই সিদ্ধান্ত দলৰ। এই সম্বন্ধে দুই দলৰ সভাপতি লগতে মুখ্যমন্ত্ৰীয়ে লব সিদ্ধান্ত। ২০২৬ চনলৈ কমলপুৰৰ সমষ্টি উন্নয়নৰ দায়িত্ব মোক দিছে, সেই কামত মই ব্যস্ত।"

author-image
Asomiya Pratidin
New Update
বিধায়ক দিগন্ত কলিতা

বিধায়ক দিগন্ত কলিতা

ডিজিটেল ডেস্ক: ২০২৬ত কমলপুৰ সমষ্টিৰ টিকট কোনে লাভ কৰিব তাক লৈ অব্যাহত আছে চৰ্চা। বৰ্তমান মিত্ৰজোঁটৰ হাতত থকা সমষ্টিটোত টিকট বিজেপিৰ প্ৰাৰ্থীক দিব নে অগপক হাতত এৰি দিব তাক লৈও অব্যাহত আছে চিন্তা-চৰ্চা। পিছে ইয়াৰ মাজতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিজেপি বিধায়ক দিগন্ত কলিতাই।

Advertisment

দিগন্ত কলিতাই সদৰী কৰে, "টিকট কাক দিব সেই সিদ্ধান্ত দলৰ। এই সম্বন্ধে দুই দলৰ সভাপতি লগতে মুখ্যমন্ত্ৰীয়ে লব সিদ্ধান্ত। ২০২৬ চনলৈ কমলপুৰৰ সমষ্টি উন্নয়নৰ দায়িত্ব মোক দিছে, সেই কামত মই ব্যস্ত।"

উল্লেখযোগ্য যে, কমলপুৰৰ সমষ্টি অগপক লাগিব বুলি সত্যব্ৰত কলিতাই দাবী কৰাৰ সময়ত এই তাৎপৰ্যপূৰ্ণ মন্তব্য কমলপুৰৰ বিধায়ক দিগন্ত কলিতাৰ। লগতে পূৰ্বৰ বিধায়ক সত্যব্ৰত কলিতাক শুভেচ্ছা জ্ঞাপন কৰে বিধায়ক দিগন্ত কলিতাই। পূৰ্বৰ হাজো সমষ্টি তথা বৰ্তমানৰ কমলপুৰ সমষ্টিৰ কেইবাটাও পথ মুকলি কৰি সংবাদ মাধ্যমৰ আগত এই মন্তব্য দিগন্ত কলিতাৰ।

বিধায়ক দিগন্ত কলিতা দিগন্ত কলিতা কমলপুৰ অগপ বিজেপি বিধায়ক বিজেপি