সাৱধান, আকৌ আহিব মহামাৰী ! বিশ্ব স্বাস্থ্য সংস্থাৰ সকীয়নি

সাৱধান, আকৌ আহিব মহামাৰী ! বিশ্ব স্বাস্থ্য সংস্থাৰ সকীয়নি
সাৱধান, আকৌ আহিব মহামাৰী ! বিশ্ব স্বাস্থ্য সংস্থাৰ সকীয়নি

ডিজিটেল ডেস্কঃ  সকলো ঠিকেই আছিল। স্বাভাৱিক আছিল সকলোৰে জীৱন ধাৰণৰ প্ৰণালী। তাৰ পিছত আহিল কোভিড।

কোভিডৰ আবিৰ্ভাৱৰ লগে লগে স্বাভাৱিক হৈ থকা সকলোবোৰ অস্বাভাৱিক হৈ পৰিল। নতুন নতুন কিছু শব্দৰ সৈতে বিশ্ববাসী পৰিচিত হ'ল। মৃত্যু কেৱল এক সংখ্যালৈ পৰিণত হ'ল।

কোভিড ভাইৰাছৰ এই সংক্ৰমণৰ পাৰ্শ্বক্ৰিয়াৰ পৰা এতিয়াও সম্পূৰ্ণৰূপে বিশ্ববাসী মুক্ত হোৱা নাই। কোভিডৰ সংক্ৰমণ হ্ৰাস পালেও কোভিডে ধ্বংস কৰা অৰ্থনীতি এতিয়াও থিয় হৈ উঠিব পৰা নাই।

এনে এক পৰিস্থিতিৰ মাজত পুনৰ বিশ্বত দেখা দিছে আন এক নতুন ভাইৰাছে। বিশ্ব স্বাস্থ্য সংস্থাই সকীয়াই দিছে বিশ্ববাসীক। স্বাস্থ্য বিজ্ঞানীসকলে      শেহতীয়াকৈ, Disease-x নামৰ এটি নতুন ৰোগৰ বিষয়ে উল্লেখ কৰিছে।  

এই ৰোগে পৃথিৱীলৈ পুনৰ বিপদ কঢ়িয়াই আনিব বুলি আশংকা ব্যক্ত কৰিছে। উল্লেখ্য যে, কোভিডৰ মাজতে পৃথিৱীত দেখা দিছিল  ইবোলা, মাৰ্বাৰ্গ, লাছা জ্বৰ,  এছ এ আৰ এছ, জিকা আদি ভাইৰাছজনিত ৰোগ।

এই ৰোগৰ প্ৰাদুৰ্ভাৱ দূৰ নহওতেই পুনৰ সমাজৰ স্বাস্থ্যৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে। বিশ্ব স্বাস্থ্য সংস্থাৰ সূত্ৰ অনুসৰি, ৩০০ ৰো অধিক গৱেষকে ইতিমধ্যে ২৫ টাতকৈও অধিক ভাইৰাছ আৰু বেক্টেৰিয়া বিচাৰি পাইছে।

এই ভাইৰাছ আৰু বেক্টেৰিয়াই আগন্তুক সময়ত বিশ্বত ব্যাপক সংক্ৰমণ ঘটাব পাৰে। ফলত, বিশ্বলৈ পুনৰ মহামাৰী আহিব পাৰে। বিশ্ব স্বাস্থ্য সংস্থাই ভৱিষ্যতে সংঘটিত হ'বলগীয়া এই ৰোগক Disease-x বুলি উল্লেখ কৰিছে।

Related Stories

No stories found.
Asomiya Pratidin
www.asomiyapratidin.in