/asomiyapratidin/media/media_files/2025/07/21/adhar-2025-07-21-15-32-01.jpg)
ডিজিটেল ডেস্ক : শিশুৰ পৰা বৃদ্ধলৈকে সকলো ব্যক্তিৰে আধাৰ কাৰ্ড থকাটো একপ্ৰকাৰ বাঞ্চনীয় কৰিছে কেন্দ্ৰীয় চৰকাৰে। আজিৰ তাৰিখত দেশৰ প্ৰায় ৯০ শতাংশৰো অধিক লোকৰ হাতত আছে আধাৰ কাৰ্ড।
আজিকালি প্ৰায় সকলোবোৰ প্ৰশাসনিক তথা চৰকাৰী কাম- কাজত আধাৰ কাৰ্ড এক প্ৰয়োজনীয় নথি। বেংকৰ লেন-দেন, ৰাজসাহাৰ্য, চৰকাৰী আঁচনি, বিদ্যালয়- মহাবিদ্যালয়ৰ নামভৰ্তি, অনুজ্ঞাপত্ৰ ইত্যাদি সকলো কামতে আধাৰ কাৰ্ডৰ প্ৰয়োজনীয়তা আছে।
পিছে এই আধাৰ কাৰ্ড ভাৰতত কেতিয়া নিৰ্মাণ কৰা জানেনে ? আধাৰ কাৰ্ড ভাৰতত প্ৰথমে ২০১০ চনৰ ২৯ ছেপ্তেম্বৰত নিৰ্মাণ কৰা হৈছিল। এই কাৰ্ডখন মহাৰাষ্ট্ৰৰ এগৰাকী ব্যক্তিক দিয়া হৈছিল। তেওঁ হৈছে নন্দুবৰ জিলাৰ ৰঞ্জনা সোনোৱানেক। তেওঁ পুনেৰ পৰা প্ৰায় ৪৭০ কিলোমিটাৰ নিলগৰ এখন গাঁৱত বাস কৰিছিল।
প্ৰণিধানযোগ্য যে, কংগ্ৰেছ চৰকাৰৰ দিনত আধাৰ কাৰ্ড প্ৰৱৰ্তন কৰা হৈছিল। আৰু এই আধাৰ কাৰ্ডখন ৰঞ্জন সোনোৱানেক এক অনুষ্ঠানৰ জৰিয়তে আনুষ্ঠানিকভাৱে প্ৰদান কৰিছিল তদানীন্তন প্ৰধানমন্ত্ৰী ড০ মনমোহন সিঙে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us