বিজয় মালিয়াৰ কিংফিচাৰ ভিলাৰে কি সম্পৰ্ক বলিউদ দম্পত্তিৰ...

শেহতীয়াকৈ ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৱে আই পি এলৰ খিতাপ দখল কৰাৰ পিছৰে পৰা চৰ্চালৈ আহিছে বিজয় মালিয়াৰ নাম। ইটো সিটো বহু ঘটনাক কেন্দ্ৰ কৰি সম্প্ৰতি চৰ্চাত আছে একালৰ ধনাঢ্য ব্যক্তি বিজয় মালিয়া।

author-image
Asomiya Pratidin
New Update
vijay

ডিজিটেল ডেস্ক : শেহতীয়াকৈ ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৱে আই পি এলৰ খিতাপ দখল কৰাৰ পিছৰে পৰা চৰ্চালৈ আহিছে বিজয় মালিয়াৰ নাম। ইটো সিটো বহু ঘটনাক কেন্দ্ৰ কৰি সম্প্ৰতি চৰ্চাত আছে একালৰ ধনাঢ্য ব্যক্তি বিজয় মালিয়া।

Advertisment

শেহতীয়াকৈ তেওঁ আন এক কাৰণত চৰ্চালৈ আহিছে। গোৱাত তেওঁৰ আছিল এটা বিশেষ ভিলা। গোৱাৰ পানাজীৰ পৰা মাত্ৰ ২০ কিলোমিটাৰ দূৰত্বত তিনি একৰ মাটিত অৱস্থিত তেওঁৰ এই কিংফিচাৰ ভিলা।

পিছে কেইবাশ কোটি টকাৰ ঋণত পোত যোৱা আৰু অৱশেষত দেউলীয়া হৈ ভাৰত এৰা বিজয় মালিয়াই গোৱাৰ বিলাসী ভিলা বিক্ৰী কৰিব লগা হৈছিল। ২০১৬ চনত তেওঁৰ এই আটাইতকৈ মৰমৰ আৰু বিলাসী কিংফিচাৰ ভিলা বিক্ৰী কৰিছিল এহাল বলিউড দম্পত্তিক।

অতি শেহতীয়াকৈ পোহৰলৈ অহা খবৰ অনুসৰি মালিয়াই কিংফিচাৰ ভিলাটো অভিনেতা তথা প্ৰযোজক শচীন যোশী আৰু তেওঁৰ পত্নী উৰ্বশী শৰ্মাৰ ওচৰত ৭১.০১ কোটি টকাত বিক্ৰী কৰিছিল।

goa