/asomiyapratidin/media/media_files/2025/05/26/vGgU0SxXHFl275a9wnI4.jpg)
পৰ্বতঝোৰাত কোনে চলাইছে বনাঞ্চল ধ্বংস যজ্ঞ?
ডিজিটেল সংবাদ, পৰ্বতঝোৰাঃ পৰ্বতঝোৰাত কাঠফুলাৰ দৰে গঢ়ি উঠিছে অবৈধ কাঠ ফলা মিল। কোকৰাঝাৰ জিলাৰ এই বন সংমণ্ডলত বন মাফিয়াই বনাঞ্চলৰ মূল্যবান গছ কাটি তহলিং কৰি চলাই নিছে চোৰাং কাঠৰ ৰমৰমীয়া ব্যৱসায়। পিছে এফালৰ পৰা পৰ্বতঝোৰাৰ বনাঞ্চল ধ্বংস যজ্ঞ চলাই থকাৰ পিছতো নিৰ্লিপ্ত ভূমিকাত পৰ্বতঝোৰাৰ বন বিভাগ। যাৰবাবে হতভম্ব পৰিছে স্থানীয় ৰাইজ।
উল্লেখযোগ্য যে, দুই এজনে কাঠ ফলা মিলৰ ১০ ইঞ্চিৰ অনুজ্ঞা পত্ৰ উলিয়াইছে যদিও অবৈধভাবে ২৪ ইঞ্চি ব্যৱহাৰ কৰাৰ এক গুৰুতৰ অভিযোগ উথাপিত হৈছে। এই বন ধ্বংস আৰু অবৈধ কাঠ ফলা মিলৰ লগত বন বিভাগৰ বিষয়াৰ লগতে স্বয়ং পৰ্বতঝোৰা বন সংমণ্ডলৰ বিষয়া গৰাকী পৰোক্ষভাবে জড়িত থকাৰ অভিযোগ উত্থাপন কৰিছে দল সংগঠনে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us