শুল্ক ফাঁকি দি বিদেশলৈ সোণৰ ৰপ্তানি! ২৫বছৰৰ মূৰত জালত পৰিল মণিকা...

২৫বছৰৰ পাছত চি বি আইৰ জালত পৰিল মণিকা কাপুৰ। শুল্ক ফাঁকি দি বিদেশলৈ কোটি কোটি টকাৰ সোণৰ ৰপ্তানিৰ গোচৰত অভিযুক্ত মণিকা কাপুৰ অৱশেষত চি বি আইৰ হাতত পৰিল

author-image
Asomiya Pratidin
New Update
web ap cbi

ডিজিটেল ডেস্কঃ ২৫বছৰৰ পাছত চি বি আইৰ জালত পৰিল মণিকা কাপুৰ। শুল্ক ফাঁকি দি বিদেশলৈ কোটি কোটি টকাৰ সোণৰ ৰপ্তানিৰ গোচৰত অভিযুক্ত মণিকা কাপুৰ অৱশেষত চি বি আইৰ হাতত পৰিল মণিকা। ভাৰতৰ পৰা যোৱা এটা চি বি আইৰ দলে মণিকাক গ্ৰেপ্তাৰ কৰি বিমানযোগে আজি উপস্থিত হবহি দিল্লীত।

উল্লেখ কৰা প্ৰয়োজন যে, ১৯৯৯চনতে এই ঘটনা সংঘটিত কৰি আমেৰিকালৈ পলায়ন কৰিছিল মণিকাই। ২০১০চনতে মণিকাক ভাৰতলৈ ঘূৰাই আনিবলৈ আমেৰিকাৰ সৈতে চৰকাৰে যোগাযোগ কৰিছিল যদিও সেয়া সম্ভৱ হৈ উঠা নাছিল।

১৯৯৮চনত দুই ভাতৃৰ সৈতে এটা প্ৰতিষ্ঠান খুলি এই কেলেংকাৰী সংঘটিত কৰিছিল মণিকাই। ১৯৯৯চনৰে পৰা চি বি আয়ে এই বিষয়টোক লৈ তদন্ত কৰি ২০০৪চনত ছাৰ্জশ্বিট দাখিল কৰিছিল। ২০১৭চনত দিল্লী আদালতে এই তিনিওকে দোষী সাব্যস্ত কৰিছিল। 

তাৰ পিছতে ভাৰত চৰকাৰে এই বিষয়টোক লৈ আমেৰিকা প্ৰশাসনৰ সৈতে কথা পাতিছিল আৰু অৱশেষত মণিকাক ভাৰতৰ হাতত চমজাই দিবলৈ সন্মতি প্ৰকাশ কৰে।

আমেৰিকা