/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-11/y0x241yu/AP-FOR-WEB-nepal-.jpg)
ডিজিটেল ডেস্কঃ ভাৰতৰ বক্ষৰে বৈ থকা গংগাক সকলোতকৈ পবিত্ৰ নদী বুলি দেশত এক মান্যতা আছে। সেয়ে প্ৰতিগৰাকী ভাৰতীয়ই গংগা মা বুলি সম্বোধন কৰা লগতে নৈখনক পূজা আগবঢ়ায়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-11/lrlz1iv0/images.jpg)
ঠিক ভাৰতৰ দৰেই চুবুৰীয়া দেশ নেপালৰো আছে এখন পবিত্ৰ নদী। বাগমতী হৈছে নেপালৰ আটাইতকৈ পবিত্ৰ নদীখন।এই নদীখনৰ হিন্দু সকলৰ সৈতে আছে এক বিশেষ সম্পৰ্ক। ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-11/joaaxrjo/images-6.jpg)
হিমালয়ৰ ওখ পৰ্বতৰ পৰা বৈ অহা বাগমতী নদী সন্দৰ্ভত নেপালত ধৰ্মীয় বিশ্বাস প্ৰচলিত হৈ আহিছে। ইয়াৰ উৎপত্তি নেপালৰ কাঠমাণ্ডু উপত্যকাত। নৈখন মধ্যপ্ৰদেশৰ মাজেৰে পাৰ হৈ ভাৰতৰ বিহাৰ ৰাজ্যত প্ৰৱেশ কৰে, য’ত ই কোচি নদীৰ লগত মিলি যায়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-11/45egmxjs/BagmatiRiver2.jpg)
বাগমতী নদী হিন্দু আৰু বৌদ্ধসকলৰ বাবে পবিত্ৰ নদী আৰু ইয়াৰ পাৰত বহুতো হিন্দু মন্দিৰ অৱস্থিত। নেপালৰ আটাইতকৈ পবিত্ৰ তীৰ্থস্থান পশুপতিনাথ মন্দিৰও এই নদীৰ পাৰত অৱস্থিত।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-11/81iw18x4/Pashupatinath2.jpg)
ইয়াৰ পবিত্ৰতাৰ বাবে স্থানীয় হিন্দুসকলে ইয়াৰ পাৰত বহু ৰীতি-নীতি পালন কৰে। ইয়াৰ পাৰৰ পাহাৰত কিৰাট সম্প্ৰদায়ৰ সমাধিস্থলসমূহো অৱস্থিত। এই নদীখন বিহাৰৰ ধেং গাঁৱৰ মাজেৰে পাৰ হৈ যায়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-11/cpdza5du/BankofBagmatiRivernearPashupatinathTemple02.jpg)
Also Read: শিৱসাগৰৰ ইতিহাস প্ৰসিদ্ধ দুৰ্গাদেৱী দ'লত সমন্বয়ৰ অনুপম নিদৰ্শন...