আপুনি জানেনেঃ ভাৰতৰ কোন চহৰ তিনিখন ৰাজ্যৰ ৰাজধানী?

আপুনি জানেনেঃ ভাৰতৰ কোন চহৰ তিনিখন ৰাজ্যৰ ৰাজধানী?

author-image
Asomiya Pratidin
New Update
আপুনি জানেনেঃ ভাৰতৰ কোন চহৰ তিনিখন ৰাজ্যৰ ৰাজধানী?

ডিজিটেল ডেস্কঃ আপুনি জানেনে ভাৰতৰ সৰ্বমুঠ ৪হাজাৰৰো অধিক নগৰ আছে। দেশৰ সবাতোকৈ ডাঙৰ নগৰখন হৈছে দিল্লী আৰু সবাতোকৈ সৰু নগৰখন হৈছে কপুৰথলা। ভাৰতৰ এই নগৰবোৰৰ ভিতৰত এনে এখন নগৰ আছে, যিখন নগৰ তিনিখন ৰাজ্যৰ ৰাজধানী! আপুনি জানেনে, এই নগৰখনৰ নাম কি!

Advertisment

এই নগৰখনৰ নাম হৈছে চণ্ডীগড়। দেশৰ পৰিকল্পিত নগৰসমূহৰ ভিতৰত অন্যতম এখন চহৰ হৈছে চণ্ডীগড় চহৰ। দিল্লীৰ পৰা প্ৰায় ২৪৩কিলোমিটাৰ নিলগত থকা এই চহৰখন পাঞ্জাৱ আৰু হাৰিয়ানাৰ ৰাজধানী। ইয়াৰোপৰি কেন্দ্ৰীয় শাসিত প্ৰদেশ হিচাপে চণ্ডীগড়ৰ ৰাজধানী হৈছে চণ্ডীগড়।

ইতিহাসৰ পাতত উল্লেখ আছে যে, চণ্ডীগড়ক প্ৰধানমন্ত্ৰী জৱাহৰ নেহৰুৰ এখন সপোনৰ চহৰ আছিল। পেন্সনপ্ৰাপ্তসকলৰ বাবে স্বৰ্গ বুলি জনাজাত এই চহৰখনক অতি পৰিকল্পিতভাৱে নিৰ্মাণৰ পৰিকল্পনা কৰিছিল জৱাহৰলাল নেহৰুৱে। যাৰ বাবে আজিও অতি শৃংখলাৱদ্ধ চহৰ হিচাপে জনাজাত এই চণ্ডীগড় চহৰ।

চণ্ডীগড়