দেশৰ আটাইতকৈ দামী ফ্লেটটো ক’ত আছে, ইয়াৰ গৰাকী কোন : পঢ়ক সবিশেষ

মুম্বাইৰ বাৰ্লিত থকা এই এপাৰ্টমেণ্টটোৰ নাম হৈছে নমন সানা বিল্ডিং। এই এপাৰ্টমেণ্টটো ৪০ মহলীয়া। এপাৰ্টমেণ্টটো নিৰ্মাণ কৰিছে শ্ৰী নমন গ্ৰুপ নামৰ এটা অট্টালিকা নিৰ্মাণকাৰী সংস্থাই।  

author-image
Asomiya Pratidin
New Update
falt

ডিজিটেল ডেস্ক : ভাৰতত দিনক- দিনে বৃদ্ধি পাইছে ফ্লেটৰ দাম। দেশৰ বিভিন্ন চহৰ- মহানগৰত দিনক- দিনে দ্ৰুতহাৰত বৃদ্ধি পাইছে ফ্লেট ক্ৰয় কৰা লোকৰ সংখ্যা। 

Advertisment

সেই অনুপাতে বৃদ্ধি হৈছে ফ্লেটৰ দাম। বিশেষকৈ মুম্বাই, দিল্লী, গুৰুগ্ৰাম, বাংগালুৰু আদি অতি ব্যস্ত মহানগৰত ফ্লেটৰ মূল্য অত্যধিক। এই সমূহ চহৰত একোটা ফ্লেটৰ মূল্য প্ৰায় ১২০/ ১৩০ কোটি টকাৰ পৰা আৰম্ভ হয়। 

পিছে দেশৰ আটাইতকৈ দামী ব্যৱসায়িক ফ্লেটটো ক’ত আছে, ইয়াৰ গৰাকীনো কোন তাক জানিবলৈ মন নাযায়নে ! হয়। দেশৰ আটাইতকৈ দামী এপাৰ্টমেণ্টটো আছে মায়ানগৰী মুম্বাই মহানগৰত।

মুম্বাইৰ বাৰ্লিৰ সাগৰৰ পাৰত আছে আটাইতকৈ বিলাসী তথা দামী আল্ট্ৰা এপাৰ্টমেণ্ট। ইয়াৰে একোটা ফ্লেটৰ দাম কেইবা কোটি টকা। ২০০/ ২৫০ কোটিৰো অধিক এই এপাৰ্টমেণ্টৰ অন্তৰ্গত একোটা ফ্লেটৰ দাম।

মুম্বাইৰ বাৰ্লিত থকা এই এপাৰ্টমেণ্টটোৰ নাম হৈছে নমন সানা বিল্ডিং। এই এপাৰ্টমেণ্টটো ৪০ মহলীয়া। এপাৰ্টমেণ্টটো নিৰ্মাণ কৰিছে শ্ৰী নমন গ্ৰুপ নামৰ এটা অট্টালিকা নিৰ্মাণকাৰী সংস্থাই।  

উল্লেখ্যযোগ্য যে, মাৰ্চ মাহত চলোৱা এক সমীক্ষা মতে মুম্বাইৰ বাৰ্লিৰ সাগৰৰ পাৰত থকা এই আল্ট্ৰা এপাৰ্টমেণ্টটোৰ এটা ডুপ্লেক্স ফ্লেট দেশৰ ভিতৰত আটাইতকৈ দামী ফ্লেট হিচাপে বিবেচিত হৈছে। তাৰোপৰি এই ফ্লেটটোত আছে বহু সুবিধা। অত্যধুনিক কৌশলেৰে সজা হৈছে এই ফ্লেটটো। ইয়াৰ সামগ্ৰীক মূল্য হৈছে প্ৰায় ৭০৩ কোটি টকাৰো অধিক। এই ফ্লেটটোৰ গৰাকী হৈছে লীনা তেৱাৰী নামৰ এগৰাকী মহিলা। 

mumbai