পাকিস্তানৰ আকাশী পথেৰে কিয় নিৰ্ভয়ে অহা-যোৱা কৰিব পাৰে নৰেন্দ্ৰ মোডীয়ে...

যেতিয়াই প্ৰধানমন্ত্ৰী বিদেশলৈ যায় তেতিয়াই ব্যৱহাৰ কৰে পাকিস্তানৰ আকাশী পথ। শেহতীয়াকৈ ফান্স-আমেৰিকাৰ বিদেশ যাত্ৰাৰ সময়তো পাক আকাশী পথেৰেই যাত্ৰা কৰিছিল নৰেন্দ্ৰ মোডীয়ে।

author-image
Asomiya Pratidin
New Update
পাকিস্তান

পাকিস্তান

ডিজিটেল ডেস্কঃ যেতিয়াই প্ৰধানমন্ত্ৰী বিদেশলৈ যায় তেতিয়াই ব্যৱহাৰ কৰে পাকিস্তানৰ আকাশী পথ। শেহতীয়াকৈ ফান্স-আমেৰিকাৰ বিদেশ যাত্ৰাৰ সময়তো পাক আকাশী পথেৰেই যাত্ৰা কৰিছিল নৰেন্দ্ৰ মোডীয়ে। সুত্ৰৰ খবৰ অনুসৰি, পাকিস্তানৰ আকাশত প্ৰায় ৪৬মিনিট ধৰি আছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বিমান।

Advertisment

চিৰবৈৰী পাকিস্তানৰ আকাশী পথত নিৰ্ভয়ে ইমান সময় কেনেকৈ উৰি থাকিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বিমান। পাকিস্তানৰ আকাশত ভাৰতৰ প্ৰধানমন্ত্ৰীৰ বিমানক সুৰক্ষা বাৰু কোনে দিয়ে!  তথ্য অনুসৰি, যেতিয়া কোনো এজন ৰাষ্ট্ৰ প্ৰধান অন্য এখন দেশৰ আকাশী পথেৰে যাত্ৰা কৰে, সেই সময়ত দুয়োখন দেশেই ইয়াৰ নিৰাপত্তা সুনিশ্চিত কৰে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বিমানখনৰ ক্ষেত্ৰতো পাকিস্তানৰ বিমান পৰিবহন নিয়ন্ত্ৰণ সংস্থা, পাকিস্তানী সেনাৰ বিশেষ দায়িত্বত থকা এটা গোটে ইয়াৰ সুৰক্ষা নিশ্চিত কৰিছিল। ইয়াৰো পৰি ভাৰতৰ প্ৰধানমন্ত্ৰীৰ সুৰক্ষাত দায়িত্ব থকা এছ পি জি গোটে প্ৰতিটো পল নজৰ ৰাখিছিল নৰেন্দ্ৰ মোডীৰ বিমানখনৰ ওপৰত।

এই সমূহ নিৰাপত্তাৰ উপৰিও প্ৰধানমন্ত্ৰীয়ে যাত্ৰা কৰা বিমানখন হৈছে বিশ্বৰ অন্যতম এখন নিৰাপদ বিমান। বয়িং ৭৭৭ এই বিমান খন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বাবে বিশেষভাৱে নিৰ্মাণ কৰা হৈছিল আমেৰিকাত। 

এই বিমানখনে আকাশীপথত সন্মুখীন হোৱা ভিন্ন প্ৰত্যাহ্বানৰ মোকাবিলা কৰাৰ লগতে প্ৰয়োজনত ক্ষেপনাস্ত্ৰও নিক্ষেপ কৰিব পাৰে।  ইয়াৰোপৰি প্ৰধানমন্ত্ৰীৰ এই বিমানখনত সাধাৰণ পাইলটৰ বিপৰীতে থাকে বায়ু সেনাৰ উচ্চ প্ৰশিক্ষিত পাইলট। 

গতিকে সকলোফালৰ পৰাই নিৰাপদ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ এই বিমান যাত্ৰা। উল্লেখ কৰা প্ৰয়োজন যে, প্ৰধানমন্ত্ৰীয়ে এই বিদেশ ভ্ৰমণৰ সময়চোৱাত পাকিস্তানৰ আকাশমাৰ্গত প্ৰায় ৪৬মিনিট সময় অতিবাহিত কৰিছিল। প্ৰধানমন্ত্ৰীৰ বিমানখনত লাহোৰৰ সমীপৰে পাকিস্তানত প্ৰৱেশ কৰিছিল। প্ৰায় ৩৪,০০০ফুট উচ্চতাত উৰা মোডীৰ বিমানখন পাকিস্তানৰ শ্বেইখপুৰা, হাফিজাবাদ, চাকৱাল, কোহাটকে ধৰি কেইবাখনো চহৰৰ মাজেৰে পাৰ হৈ গৈছিল। 

নৰেন্দ্ৰ মোডী