মাঘৰ বিহু আহিল মইনা, মাঘৰ বিহু আহিল

সন্মুখত মাঘৰ বিহু। নতুন বছৰক আদৰাৰ পাছত এতিয়া চলিছে মাঘৰ বিহুক আদৰাৰ পৰ্ব। গাঁৱে- ভূঞে ভেলাঘৰ সজা কাম ইতিমধ্যে আৰম্ভ কৰি দিছে বহুতে। কিয়নো বিহুলৈ মাজত নাই এটা সপ্তাহো...

author-image
Asomiya Pratidin
New Update
When is Maghar Bihu's Uruka

When is Maghar Bihu's Uruka

ডিজিটেল ডেস্ক : সন্মুখত মাঘৰ বিহু। নতুন বছৰক আদৰাৰ পাছত এতিয়া চলিছে মাঘৰ বিহুক আদৰাৰ পৰ্ব। গাঁৱে- ভূঞে ভেলাঘৰ সজা কাম ইতিমধ্যে আৰম্ভ কৰি দিছে বহুতে। কিয়নো বিহুলৈ মাজত নাই এটা সপ্তাহো। বহুতে আকৌ মাঘৰ বিহুৰ উৰুকা কোন তাৰিখে, তাকলৈ বিবুধিত পৰিছে।

অসমীয়া প্ৰতিদিন ডিজিটেলে বিশিষ্ট জ্যোতিষবিদ ড০ প্ৰবোধ শৰ্মাক এই সন্দৰ্ভত জানিব বিচৰাত তেখেতে জনালে- ১৪ জানুৱাৰী হ’ব মকৰসংক্ৰান্তি অৰ্থাৎ মাঘৰ বিহু। ১৫ জানুৱাৰী হ’ব মাঘৰ ১ তাৰিখ। সেই সূত্ৰে ১৩ জানুৱাৰী হ’ব মাঘৰ বিহুৰ উৰুকা। 

এচামে ১৪ জানুৱাৰীত উৰুকা বুলি প্ৰচাৰ চলাইছে যদিও সেয়া সঁচা নহয়। এই প্ৰচাৰৰ আঁৰত আছে আন এক কাৰণ। এইবাৰ যিহেতু উৰুকা ১৩ জানুৱাৰী অৰ্থাৎ সোমবাৰ পৰিছে, সেই দিনটোত বহুতে আমিষ আহাৰ গ্ৰহণ নকৰে। সেয়েহে কোনো কোনোৱে ১৪ তাৰিখে উৰুকা বুলি প্ৰচাৰ চলাইছে। 

২০২৫ বৰ্ষৰ চৰকাৰী বন্ধৰ তালিকাতো উল্লেখ আছে যে ১৪ জানুৱাৰী মাঘৰ বিহুৰ বন্ধ আৰু ১৫ জানুৱাৰী টুছু পূজাৰ বন্ধ। গতিকে ১৩ জানুৱাৰীতে ৰাজ্যবাসীয়ে পালন কৰিব মাঘৰ বিহুৰ উৰুকা।

উৰুকা মাঘ বিহু বিহু