/asomiyapratidin/media/media_files/2025/08/30/new-ap-web-3-2025-08-30-22-01-22.jpg)
ডিজিটেল ডেস্কঃ ৰাজ্যবাসীলৈ আহিছে এটি ভাল খবৰ। বৃটিছ মিউজিয়ামত থকা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা নিৰ্মিত ১৬০০ শতিকাৰ বৃন্দাবনী বস্ত্রখন পুনৰ ঘূৰাই অনাৰ বাবে ৰাজ্য চৰকাৰে যৎপৰোনাস্তি চেষ্টা চলাইছে।
জানিব পৰা মতে, বৃটিছ মিউজিয়ামে দিয়া নীতিৰ আধাৰত ২০২৭ চনত ১৮ মাহৰ বাবে অসমলৈ অনা হ'ব আপুৰুগীয়া বৃন্দাবনী বস্ত্রখন। শনিবাৰে দিছপুৰৰ লোকসেৱা ভৱনত এখন সংবাদমেল সম্বোধন এই কথা সদৰী কৰিছে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/08/30/vrindavani_vastra-2025-08-30-22-03-12.jpg)
সংবাদ মেলত শ্ৰী শৰ্মাই কয়, " মহাৰাজ নৰনাৰায়ণৰ অনুৰোধক্ৰমে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে যি বৃন্দাবনী বস্ত্র নিৰ্মাণ কৰিছিল কালক্ৰমত সেই বৃন্দবনী বস্ত্রখন অসমৰ পৰা তিব্বেত হৈ লণ্ডন, ফ্ৰান্স আদি বিভিন্ন স্থানলৈ যায়। ভগৱান শ্ৰীকৃষ্ণৰ দশৱতাৰ চিত্ৰ চিত্ৰিত এই অমূল্য বস্ত্ৰ সম্প্ৰতি বৃটিছ মিউজিয়ামত ৰখা হৈছে। বৃন্দাবনী বস্ত্রখন অসমৰ মানুহে চাব পৰাৰ বাবে বহুতো প্ৰয়াস আৰু প্ৰচেষ্টা চলোৱা হৈছে।’’
তেওঁ লগতে কয়, "বৃটিছ মিউজিয়াম আৰু ফ্ৰান্সৰ লগতে বৃন্দাবনী বস্ত্র য'তেই থকাৰ খবৰ পাইছিলো তাতেই যোগাযোগ কৰিছিলো । আমাৰ চেষ্টা আছিল যে বস্ত্রখন অসমীয়াই এবাৰ চাবলৈ পাওঁক। এই ক্ষেত্ৰত কাৰো সঁহাৰি পোৱা নাছিলো যদিও চেষ্টা অব্যাহত আছিল। শেহতীয়াকৈ বৃটিছ মিউজিয়ামে আমালৈ পত্র দিছে। পত্রযোগে চৰ্ত সাপেক্ষে ২০২৭ চনত অসমলৈ বৃন্দাবনী বস্ত্ৰ ১৮ মাহৰ বাবে দিবলৈ সন্মত হৈছে।"
/filters:format(webp)/asomiyapratidin/media/media_files/2025/08/30/brindabani_bastra-2025-08-30-22-03-23.webp)
শেহতীয়া অগ্ৰগতিৰ ওপৰত আলোকপাত কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে কয়, “জে এছ ডব্লিউ নামৰ এটা প্ৰতিষ্ঠানে বৃটিছ মিউজিয়াম আৰু অসম চৰকাৰৰ মাজত সম্পৰ্ক স্থাপন কৰি দিয়াৰ ক্ষেত্রত পদক্ষেপ গ্ৰহণ কৰিছিল। তেওঁলোকে আমাক শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত বস্ত্ৰৰ ডিজিটেল অভিজ্ঞতা প্ৰদৰ্শন কৰাত সহায় কৰিব।"
লগতে জে এছ ডব্লিৱে আমাক অসমত এটা নতুন মিউজিয়াম নিৰ্মাণ কৰাৰ উপদেশ দিছে। গুৱাহাটী মিউজিয়াম আৰু কলাক্ষেত্রৰ মিউজিয়াম তেওঁলোকে চাই সেইটো পৰ্যায়ৰ নহয় বুলি কৈছে য'ত বস্ত্ৰভাগ ৰাখিব পাৰি। সেয়ে বৃটিছ মিউজিয়ামে বিচৰা মানদণ্ডৰ এটা মিউজিয়াম বনোব দিছে। ’’
উল্লেখ কৰা প্ৰয়োজন যে, এই প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ চৰকাৰে ইতিমধ্যে খানাপাৰাৰ ৰেচম বিভাগৰ ফাৰ্মত এক বিঘা মাটিত এটা নিৰ্দিষ্ট সংগ্ৰহালয় নিৰ্মানৰ আবণ্টন দিছে। ইতিমধ্যে কাম আৰম্ভ হৈছে, আৰু ২০২৭ চনৰ ভিতৰত বৃন্দাবনী বস্ত্র অসমলৈ ঘূৰাই আনিব পাৰিম বুলি আশা প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us