/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/08/whatsapp_pixabay_1533363793346.jpg)
ডিজিটেল ডেস্কঃ হোৱাটছএপৰ ইউজাৰসকললৈ আন এক সু-খবৰ। অচিৰেই বিশ্বৰ সৰ্বাধিক জনপ্ৰিয় মেছেজিং এপটোৱে ব্যৱহাৰকাৰীসকলক প্ৰদান কৰিব এক অনন্য ভিডিঅ' উপভোগৰ সুবিধা।
নতুন ফিচাৰ্ছটো কাৰ্যক্ষম কৰাৰ লগে লগে ব্যৱহাৰকাৰীসকলে হোৱাটছএপৰ ভিতৰতে ইউটিউব আৰু ইনষ্টাগ্ৰামৰ ভিডিঅ' চাব পাৰিব। ফলত বৰ্তমানৰ দৰে লিংকত ক্লিক কৰি ইউটিউবৰ মূল ছাইট বা এপলৈ যোৱাৰ কোনো প্ৰয়োজনেই নাথাকিব।
হোৱাটছএপৰ এটি সূত্ৰই পিকচাৰ-ইন-পিকচাৰ ভিডিঅ' ফিচাৰ্ছ মুকলি কৰিবৰ বাবে প্ৰতিষ্ঠানটোৰ টেকনিকেল টীমে ক্ষিপ্ৰতাৰে কাম কৰি থকাৰ বিষয়ে অলপতে সদৰী কৰিছে।
এই ফিচাৰ্ছ মুকলি কৰাৰ পিছত নিজৰ নিজৰ এনড্ৰইড ডিভাইছত হোৱাটছএপ আপডেট কৰিলেই ই কাৰ্যক্ষম হৈ পৰিব আৰু ইউটিউবৰ ভিডিঅ'ৰ লিংকত এটা প্লে বুটাম জিলিকি উঠিব। এই প্লে বুটামত ক্লিক কৰিলেই হোৱাটছএপতে পোনপটীয়াকৈ ইউটিউবৰ ভিডিঅ' চাব পাৰিব ব্যৱহাৰকাৰীসকলে।