হোৱাটছএপে খুলিব পাঠশালা

হোৱাটছএপে খুলিব পাঠশালা

author-image
asomiyapratidin
New Update
হোৱাটছএপে খুলিব পাঠশালা

ডিজিটেল ডেস্কঃ ভাৰতত হোৱাটছএপ ব্যৱহাৰকাৰীৰ বাবে পাঠশালা খুলিব হোৱাটছএপে। শেহতীয়াকৈ সংঘটিত কিছু উৰা বাতৰি কেন্দ্ৰিক ঘটনাৰ পাছত এই সিদ্ধান্ত লৈছে হোৱাটছএপে কৰ্তৃপক্ষই।

Advertisment

ইতিমধ্যে ভাৰত চৰকাৰেও হোৱাটছএপ কৰ্তৃপক্ষক উৰা বাতৰি প্ৰতিৰোধৰ বাবে ব্যৱস্থা গ্ৰহণৰ বাবে নিৰ্দেশ দিছিল। দেশখনৰ ২০০ মিলিয়ন ব্যৱহাৰকাৰীক নিয়ন্ত্ৰণ কৰাতো হোৱাটছএপৰ বাবে এক প্ৰত্যাহ্বান হৈ পৰিছিল।

সেয়েহে হোৱাটছএপৰ কিছু চৰিত্ৰ ভাৰতীয় গ্ৰাহকৰ বাবে সলনি কৰাৰ লগতে হোৱাটছএপ ব্যৱহাৰকাৰী সকলক শিক্ষা দিয়াৰ উদ্দেশ্যে এলানি সজাগতামূলক কাৰ্যসূচী হাতত লৈছে হোৱাটছএপে। ব্যৱহাৰকাৰীসকলে যাতে এই মাধ্যমৰ অপব্যৱহাৰ নকৰে তাৰ সচেতনতা সৃষ্টিৰ বাবে এই কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। ইতিমধ্যে হিন্দীৰ ৪টা অডিঅ' ক্লীপিং হোৱাটছএপ ব্যৱহাৰকাৰী সকলৰ বাবে এৰি দিয়া হৈছে।