হোৱাটছএপৰ বহু সেৱাৰ পৰা বঞ্চিত হোৱাৰ দিশে ভাৰতীয় ইউজাৰ

হোৱাটছএপৰ বহু সেৱাৰ পৰা বঞ্চিত হোৱাৰ দিশে ভাৰতীয় ইউজাৰ

author-image
asomiyapratidin
New Update
হোৱাটছএপৰ বহু সেৱাৰ পৰা বঞ্চিত হোৱাৰ দিশে ভাৰতীয় ইউজাৰ

ডিজিটেল ডেস্কঃ নিজৰ ভুলৰ বাবেই এতিয়া ছ'চিয়েল মিডিয়াৰ ভাল সুবিধাৰ পৰা বঞ্চিত হ'ব লাগিব ভাৰতবাসী। কেন্দ্ৰ চৰকাৰ আৰু ছ'চিয়েল মিডিয়াৰ বিশ্ব সম্ৰাটসদৃশ প্ৰতিষ্ঠান ফেচবুক-হোৱাটছএপৰ সৈতে আইনী দিশবোৰক লৈ সংঘাতে দেখা দিয়াৰ পিছতে স্পষ্ট হৈ পৰিছে এনে সম্ভাৱনা।

Advertisment

উল্লখ্য যে, কিছুদিন পূৰ্বে উৰা-বাতৰিক লৈ দেশৰ ভিন্ন প্ৰান্তত সৃষ্টি হৈছিল অবাঞ্চিত পৰিস্থিতিৰ। এনে অবাঞ্চিত পৰিস্থিতিৰ ফলত মৃত্যুমুখতো পৰিছিল অতিকমেও ৪০জনকৈ লোক। হোৱাটছএপৰ জৰিয়তে বিয়পা উৰা-বাতৰিৰ ফলতে এনে ঘটনা সংঘটিত হোৱা বুলি চৰ্চা হোৱাৰ পিছতে চৰকাৰৰ ৰোষত পৰে ছ'চিয়েল মিডিয়া।

চৰকাৰৰ তথ্য প্ৰযুক্তি মন্ত্ৰণালয়ে বিষয়টোক গুৰুত্বসহকাৰে লৈ তাৎক্ষণিকভাৱে ফেচবুক আৰু হোৱাটছএপলৈ জাননী প্ৰেৰণ কৰে। জাননী লাভ কৰাৰ পিছতে ভাৰতত আহি উপস্থিত হয় হোৱাটছএপৰ কেবাগৰাকী শীৰ্ষ বিষয়া। মাৰ্কিন প্ৰতিষ্ঠানৰ এই বিষয়াসকলক কেন্দ্ৰীয় তথ্য প্ৰযুক্তি মন্ত্ৰী ৰবিশংকৰ প্ৰসাদে স্পষ্টকৈ জনাই দিয়ে যে ভাৰতত থাকিবলৈ হ'লে তেওঁলোকে ভাৰতীয় আইন মানিবই লাগিব। বহুক্ষেত্ৰত হোৱাটছএপে ভাৰত চৰকাৰৰ নিৰ্দেশনা মানি চলিবলৈ সন্মত হ'লেও কেইটামান বিষয়ক লৈ এই পৰ্যন্ত সহমত হ'ব পৰা নাই সমগ্ৰ বিশ্বতে ৰাজত্ব কৰিবলৈ সমৰ্থ হোৱা মাৰ্কিন প্ৰতিষ্ঠানটো।

ভাৰতত অতি কমেও ২০০ মিলিয়ন ইউজাৰ থকা হোৱাটছএপ সন্দৰ্ভত কেন্দ্ৰ চৰকাৰৰ এজন বিষয়াই স্পষ্টকৈ সংবাদ মাধ্যমক জনাইছে যে যিবোৰ নিৰ্দেশনা দিয়া হৈছে সেয়া মানি নল'লে চৰকাৰে প্ৰতিষ্ঠানকেইটাৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ ল'বলৈ বাধ্য হ'ব। ইফালে ভাৰত চৰকাৰৰ এনে কঠোৰ নিৰ্দেশৰ পিছত ইউজাৰসকলক আগবঢ়াই অহা সেৱাৰ যথেষ্ট সালসলনি ঘটাবলগীয়াত পৰিছে হোৱাটছএপ আৰু ফেচবুক।

ফেচবুকে সমস্যাত নপৰিলেও এনে চৰকাৰী নিৰ্দেশনাই বাৰুকৈয়ে শলঠেকত পেলাইছে হোৱাটছএপক। ইতিমধ্যে নিৰ্দেশনা অনুযায়ী ইউজাৰক সজাগ কৰিবলৈ বিভিন্ন কাৰ্যসূচী হাতত লৈছে যদিও এনক্ৰিপশ্যনক লৈ নিজৰ স্থিতিত অটল আছে হোৱাটছএপ। আনকি প্ৰতিষ্ঠানটোৱে বিজিনেছ এপৰ সেৱাসমূহ উঠাই ল'বলৈকো যো-জা চলোৱাৰ বাতৰি পোৱা গৈছে। ভাৰত চৰকাৰে ডিজিটেল পেমেণ্টক লৈ প্ৰতিষ্ঠানটোক গুৰুত্ব নিদিয়াৰ অভিযোগ তুলি হোৱাটছএপৰ জৰিয়তেই যি ধন লেন-দেনৰ ব্যৱস্থা কৰিবলৈ পৰিকল্পনা কৰিছিল সদ্যহতে সেয়া স্থগিত ৰখা বুলিও দিনদিয়েক পূৰ্বে এটা আন্তঃৰ্জাতিক সংবাদ প্ৰতিষ্ঠানক জানিবলৈ দিছিল এগৰাকী শীৰ্ষ বিষয়াই।

'ইউজাৰৰ গোপনীয়তা ৰক্ষা কৰাতো আমাৰ প্ৰাথমিকতা। ইয়াক আমি কোনোপধ্যে ভংগ কৰিব নোৱাৰো। ইউজাৰক গোপনীয়তা সুৰক্ষিত কৰাৰ লক্ষ্যৰেই আমি কাম আৰম্ভ কৰিছিলো। সেয়ে এই পথৰ পৰা বিচ্যুত হোৱাতো আমাৰ বাবে নীতি বিৰুদ্ধ। একেদৰে চৰকাৰে আমাক ডিজিটেল পেমেণ্টৰ ক্ষেত্ৰতো কোনোধৰণৰ সহযোগিতা আগবঢ়োৱা নাই। '-ভাৰত চৰকাৰে হোৱাটছএপৰ মেছেজসমূহৰ মূল উৎসৰ তথ্য দিবলৈ নিৰ্দেশ দিয়াৰ পিছতে সেয়া অস্বীকাৰ কৰি এইদৰে মন্তব্য কৰে হোৱাটছএপৰ ভাৰতৰ দায়িত্বত থকা এগৰাকী শীৰ্ষ বিষয়াই।

এনে পৰিপ্ৰেক্ষিততে এতিয়া সমগ্ৰ বিষয়টো এক ধুৱলী-কুঁৱলী সদৃশ পৰিৱেশৰ সৃষ্টি হৈছে। আমেৰিকাত ফেচবুকে গোপন তথ্য বিক্ৰী কৰাৰ খবৰৰ পিছতে ইউজাৰৰ গোপনীয়তাক লৈ অধিক সতৰ্ক হৈ পৰা ফেচবুক, হোৱাটছএপে ভাৰত চৰকাৰৰ নিৰ্দেশক যদিহে কাৰ্যকৰী নকৰে তেন্তে দেশখনৰ কোটি কোটি ছ'চিয়েল মিডিয়া ইউজাৰৰ লাইফষ্টাইল সলনি হৈ পৰিবলৈ বেছি দিন নালাগিব বুলিও মন্তব্য কৰিছে একাংশ বিশেষজ্ঞই।

'জধে-মধে যিকোনো মেছেজ ছেন্দ-ফৰৱাৰ্ড কৰা ভাৰতীয়সকলে নিজৰ ভুলৰ বাবেই ছ'চিয়েল মিডিয়াই প্ৰদান কৰা সহজ সেৱাসমূহৰ পৰা বঞ্চিত হ'ব পাৰে। চৰকাৰ আৰু ছ'চিয়েল মিডিয়া প্ৰতিষ্ঠানৰ মাজত দেখা দিয়া সংঘাতে ইয়াৰেই ইংগিত দিছে। এনেকৈয়ে এতিয়া ভাৰততো চীনৰ দৰেকৈ চৰকাৰে ছ'চিয়েল মিডিয়াক নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত এঢাপ আগবাঢ়িছে বুলিও ক'ব পাৰি।'-হোৱাটছএপ আৰু চৰকাৰৰ মাজৰ শেহতীয়া সংঘাতক লৈ এই মন্তব্য ড০ ৰোহিত ৰাথেৰ নামৰ এগৰাকী ছ'চিয়েল মিডিয়া বিশেষজ্ঞৰ।