হোৱাটছএপৰ গুৰুত্বপূৰ্ণ ঘোষণাঃ তিনি মাহলৈ পিচুওৱা হৈছে নতুন গোপনীয়তা নীতিৰ সময়…

হোৱাটছএপৰ গুৰুত্বপূৰ্ণ ঘোষণাঃ তিনি মাহলৈ পিচুওৱা হৈছে নতুন গোপনীয়তা নীতিৰ সময়…

author-image
asomiyapratidin
New Update
হোৱাটছএপৰ গুৰুত্বপূৰ্ণ ঘোষণাঃ তিনি মাহলৈ পিচুওৱা হৈছে নতুন গোপনীয়তা নীতিৰ সময়…

ফাইল ফটো

ডিজিটেল ডেস্কঃ ছ'চিয়েল মেছেজিং এপ হোৱাটছএপে কৰিছে এক গুৰুত্বপূৰ্ণ ঘোষণা। হোৱাটছএপ কৰ্তৃপক্ষৰ তৰফৰ পৰা সদৰী কৰা হৈছে যে, অহা ৮ ফেব্ৰুৱাৰী, ২০২১ত এপটোত বলবৎ নহয় নতুন গোপনীয়তা নীতি। এই নতুন নীতি জাৰি কৰাৰ সময় আৰু তিনি মাহৰ বাবে পিছুওৱাই দিয়া হৈছে।

Advertisment

তদুপৰি হোৱাটছএপে এই এপটো ব্যৱহাৰকাৰীসকলক এই নতুন গোপনীয়তা নীতিৰ সন্দৰ্ভত মঞ্জুৰি প্ৰদানৰ বাবে অহা ১৫ মে', ২০২১লৈ সোধ-পোছ কৰিব। লক্ষণীয় যে, হোৱাটছএপৰ এই নতুন গোপনীয়তা নীতি সন্দৰ্ভত অৱগত হোৱাৰ পাছৰে পৰা বহু লোকে ইতিমধ্যে এই ছ'চিয়েল মেচেজিং এপটোৰ পৰা আঁতৰি আন ছ'চিয়েল মেচেজিং এপ যেনে ছিগনেল আৰু টেলিগ্ৰাম ব্যৱহাৰ আৰম্ভ কৰা পৰিলক্ষিত হৈছে।