সাৱধান! হোৱাটছএপৰ নতুন নিয়ম, কোমলে ল’ব কঠোৰ সিদ্ধান্ত

সাৱধান! হোৱাটছএপৰ নতুন নিয়ম, কোমলে ল’ব কঠোৰ সিদ্ধান্ত

author-image
asomiyapratidin
New Update
সাৱধান! হোৱাটছএপৰ নতুন নিয়ম, কোমলে ল’ব কঠোৰ সিদ্ধান্ত

ডিজিটেল ডেস্কঃ উৰাবাতৰি ৰোধ কৰিবলৈ অৱশেষত বিশেষ পদক্ষেপ গ্ৰহণ কৰিলে হোৱাটছএপে। মেছেজিং এপৰ সম্ৰাটস্বৰূপ মাৰ্কিন প্ৰতিষ্ঠানটোৱে এই অনুযায়ী ভাৰতত এগৰাকী পৰ্যবেক্ষক বিষয়া নিযুক্তি দিয়ে। উৰাবাতৰিৰ লগতে এপ সম্পৰ্কীয় আন অভাৱ-অভিযোগো এতিয়াৰে পৰা জনাব পৰা যাব এই বিষয়াগৰাকীক।

Advertisment

উল্লেখ্য যে, উৰাবাতৰিৰ ফলত গণহত্যা পৰ্যন্ত সংঘটিত হোৱাৰ পিছতে কেন্দ্ৰ চৰকাৰে প্ৰতিষ্ঠানটোক ব্যৱস্থা গ্ৰহণ কৰিবলৈ হেঁচা দিছিল। চৰকাৰৰ এনে হেঁচাৰ পিছতে হোৱাটছএপে কেবাখনো আগশাৰীৰ ৰাষ্ট্ৰীয় কাকতত বিজ্ঞাপনো প্ৰকাশ কৰিছিল।

ইয়াৰ পিছত তথ্য-প্ৰযুক্তি মন্ত্ৰণালয়ৰ সৈতে অনুষ্ঠিত বিশেষ বৈঠকত ভাৰত চৰকাৰৰ তৰফৰ পৰা প্ৰতিষ্ঠানটোক অভিযোগগ্ৰহণকাৰী বিষয়া নিযুক্তি দিবলৈ স্পষ্টকৈ কয়।

চৰকাৰৰ এনে নিৰ্দেশ লাভৰ পিছতে ফেচবুকৰ অধীনস্থ প্ৰতিষ্ঠানটোৱে ভাৰতৰ বাবে কোমল লাহিড়ীক অভিযোগগ্ৰহণকাৰী বিষয়া হিচাপে নিযুক্তি প্ৰাদন কৰে। ৱেবছাইটত নতুন অাপডেটৰ জৰিয়তে দেওবাৰে এই কথা ৰাজহুৱা কৰে হোৱাটছএপে। ইয়াৰ পূৰ্বে প্ৰতিষ্ঠানটোত গ্লোবেল কাষ্টমাৰ অপাৰেশ্যন এণ্ড লোকেলাইজেশ্যন ছিনিয়ৰ ডিৰেক্টৰ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল কোমলে।

অৱশ্যে কোমল লাহিড়ী সন্দৰ্ভত অধিক তথ্য জনোৱাৰ পৰা বিৰত আছে হোৱাটছএপ কৰ্তৃপক্ষ। প্ৰতিষ্ঠানটোৰ এটি সূত্ৰই আগষ্টৰ শেষৰ ফালে কোমলক উক্ত দায়িত্ব অৰ্পণ কৰা বুলি জানিবলৈ দিছে।

হোৱাটছএপৰ ৱেবছাইটত উল্লেখ থকা মতে, এপৰ ছেটিংছ টেবত ক্লিক কৰি প্ৰতিষ্ঠানটোৰ ছাপৰ্ট টীমক অভিযোগ দাখিল কৰিব পাৰিব ইউজাৰসকলে। ইয়াৰ লগতে অভিযোগ গ্ৰহণকাৰী বিষয়াসকলৰ সৈতে পোনপটীয়াকৈ যোগাযোগ কৰাৰো সুবিধা প্ৰদান কৰিছে। এনেকৈয়ে এতিয়া নতুন দায়িত্ব লাভ কৰা কোমলে হোৱাটছএপত বিয়পি পৰা উৰাবাতৰিক লৈ গ্ৰহণ কৰিব কঠোৰ সিদ্ধান্ত।