/asomiyapratidin/media/media_files/2025/04/02/fxfL2oWZPbH96E5IK7m0.jpg)
গুৰুজনাৰ মৰ্যাদা লাঘবৰ ষড়যন্ত্ৰ কৰিছে বিজেপি চৰকাৰে
ডিজিটেল ডেস্ক: 'গুৰুজনাৰ মৰ্যাদা লাঘবৰ ষড়যন্ত্ৰ কৰিছে বিজেপি চৰকাৰে।' এই মন্তব্য অসম জাতীয় পৰিষদৰ। চৰকাৰে ৰাজ্যৰ সৰ্বোচ্চ অসামৰিক বটাক লৈ বিভ্ৰান্তিৰ সৃষ্টি কৰিছে বুলি উল্লেখ কৰিছে অজাপই। শ্ৰীমন্ত শংকৰদেৱ বঁটাটো সৰ্বোচ্চ অসমাৰিক সন্মান হিচাপে বৰ্তি থকাৰ পাছতো আন এটা সমমৰ্যাদাৰ বঁটা প্ৰৱৰ্তনৰ কাৰণ সম্বন্ধেও চৰকাৰক প্ৰশ্ন তোলে দলটোৱে।
উল্লেখযোগ্য যে, ১৯৮৬ চনত অসম চৰকাৰে মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ সন্মানাৰ্থে ৰাজ্যৰ সৰ্বোচ্চ অসামৰিক সন্মান হিচাপে শ্ৰীমন্ত শংকৰদেৱ বঁটা প্ৰৱৰ্তন কৰিছিল ৷ তেতিয়াৰে পৰা দেশৰ বিভিন্ন প্ৰান্তৰ বৰেণ্য ব্যক্তিসকলক এই বঁটা প্ৰদান কৰি অহা হৈছে ৷ অসম চৰকৰৰ সাংস্কৃতিক পৰিক্ৰমা সঞ্চালকালয়ৰ ৱেব্ ছাইটতো ৰাজ্যৰ সর্বোচ্চ অসামৰিক সন্মান হিচাপে এই বঁটাৰ নাম শীর্ষত তালিকাভূক্ত কৰা আছে৷ প্ৰথমে বঁটাটো প্ৰতি বছৰে দিয়া হৈছিল ৷ ২০০৮ চনত তৰুণ গগৈ ডাঙৰীয়াৰ চৰকাৰে বঁটাটো এবছৰীয়াৰ ঠাইত তিনি বছৰীয়া কৰি পেলালে৷ সেই অনুসৰি ২০২০ চনলৈ ৩ বছৰৰ মূৰে মূৰে হ’লেও বঁটাটি প্ৰদান কৰি থকা হৈছিল ৷ কিন্তু ডঃ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে শ্ৰীমন্ত শংকৰদেৱ বঁটাৰ ঠাইত ৰাজ্যৰ সর্বোচ্চ অসামৰিক সন্মান হিচাপে অসম বৈভৱ বঁটা প্ৰৱৰ্তন কৰে ৷ অসম চৰকাৰে ২০১৭ চনত স্বৰ্গীয় বশিষ্ঠ দেৱ শৰ্মা আৰু ২০২০ চনত শ্ৰীযুত ভৱপ্ৰসাদ চলিহা ডাঙৰীয়াক এই সন্মান প্ৰদান কৰা হৈছিল ৷ ২০২৩ চনত সোণাল মানসিঙৰ নাম উক্ত বঁটাৰ বাবে ঘোষণা কৰা হৈছিল যদিও বঁটাটো এতিয়ালৈকে তেখেতলৈ আগবঢ়োৱা হোৱা নাই ৷
চৰকাৰৰ বিৰুদ্ধে সৰব হৈ "এয়া মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু তেখেতৰ দৰ্শন, আদর্শ, পথ, জীৱনবোধৰ ওপৰত চলি থকা পৰিকল্পিত তথা কৌশলগত ষড়যন্ত্ৰ তথা আক্ৰমণ" বুলি উল্লেখ কৰে দলটোৱে। "মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আদর্শক গৌণ কৰি, তাক পৰোক্ষভাৱে হত্যা কৰি, অসমীয়া জাতীয় চেতনাটোকে নিঃশেষ কৰি এক অতি পৰিকল্পিত ষড়যন্ত্ৰ বৰ্তমানৰ বিজেপি নেতৃত্বাধীন চৰকাৰখনে চলাই গৈ আছে – যিটো অসমৰ বহু সাধাৰণ মানুহে এতিয়াও ধৰিব পৰা নাই" বুলিও কয় অসম জাতীয় পৰিষদে।
আনহাতে, বিজেপিয়ে ক্ষমতালৈ অহাৰ পাছত কিছুমান আপত্তিজনক বক্তব্য প্ৰদান কৰি তুচ্ছ-তাচ্ছ্যিল্য কৰিবলৈ লৈছে ৷ আগতে অসমত এনে পৰিৱেশ দেখিবলৈ পোৱা নগৈছিল বুলিও অজাপই অভিযোগ উত্থাপন কৰে। দলটোৱে উদাহৰণস্বৰূপে ২০২২ চনৰ অক্টোবৰ মাহত মাজুলীৰ শ্ৰী জনার্দন দেৱগোস্বামীয়ে মহাপুৰুষজনা ‘গুৰু নহয়, এগৰাকী খেলুৱৈহে আছিল’ বুলি মন্তব্য কৰি কৰা বিতৰ্কৰ লগতে আৰ এছ এছৰ এগৰাকী নেতাই অসমলৈ আহি মহাপুৰুষজনাক 'বাবা চংকৰদেও' বুলি সম্বোধন কৰাৰ কথাও উল্লেখ কৰে।
ইফালে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধেও সৰব হয় দলটো। শ্ৰীমন্ত শংকৰদেৱক লৈ এনে ধৰণৰ বিতৰ্কৰ সূত্ৰপাত ডঃ হিমন্ত বিশ্ব শৰ্মাই কৰিছিল বুলি অভিযোগ উত্থাপন কৰে অসম জাতীয় পৰিষদে। আনহাতে এয়া মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ মর্যাদা হানিৰ নিকৃষ্ট ষড়যন্ত্ৰৰ বাহিৰে আন একো নহয় বুলি উল্লেখ কৰে দলটোৱে।