"মোৰ বিৰুদ্ধে গোচৰ দিলে কি হ'ব!", তৰুণ গগৈ সন্দৰ্ভত আৰু কি ক'লে মুখ্যমন্ত্ৰীয়ে?

শুকুৰবাৰে গৃহ সমষ্টিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চলালে মাৰাথন নিৰ্বাচনী প্ৰচাৰ। প্ৰচাৰৰ মাজতে এপিএচচি কেলেংকাৰী সন্দৰ্ভত কৰিলে গুৰুত্বপূৰ্ণ মন্তব্য। কংগ্ৰেছে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে তৰা গোচৰ সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে হিমন্ত বিশ্ব শৰ্মাই।

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
তৰুণ গগৈ সন্দৰ্ভত কি ক'লে মুখ্যমন্ত্ৰীয়ে?

তৰুণ গগৈ সন্দৰ্ভত কি ক'লে মুখ্যমন্ত্ৰীয়ে?

ডিজিটেল সংবাদ, শুৱালকুছি: শুকুৰবাৰে গৃহ সমষ্টিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চলালে মাৰাথন নিৰ্বাচনী প্ৰচাৰ। প্ৰচাৰৰ মাজতে এপিএচচি কেলেংকাৰী সন্দৰ্ভত কৰিলে গুৰুত্বপূৰ্ণ মন্তব্য। কংগ্ৰেছে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে তৰা গোচৰ সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে হিমন্ত বিশ্ব শৰ্মাই।

Advertisment

শিঙিমাৰীৰ গাওঁ পঞ্চায়তত অনুষ্ঠিত হোৱা এই নিৰ্বাচনী সভাত কংগ্ৰেছ মুক্ত পঞ্চায়ত গঠন কৰিবলৈ ভোটাৰক আহ্বান জনাই মুখ্যমন্ত্ৰী গৰাকীয়ে । শান্তিপূৰ্ণভাৱে প্ৰথম পৰ্যায়ৰ নিৰ্বাচন সমাপ্ত হোৱাৰ লগতে প্ৰথম পৰ্যায়ত বিজেপি দলৰ ভাল ফলাফল লাভ কৰিব বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে ৷

আনহাতে, কংগ্ৰেছে মুখ্যমন্ত্ৰী গৰাকীৰ বিৰুদ্ধে গোচৰ সন্দৰ্ভতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, "মোৰ বিৰুদ্ধে গোচৰ দিলে কি হ'ব, সেই গোচৰ তৰুণ গগৈলৈ যাব ৷ কাৰণ ৰাকেশ পালক তৰুণ গগৈয়েহে নিযুক্তি দিছিল৷" মুখ্যমন্ত্ৰীৰ এই মন্তব্যই ব্যাপক প্ৰতিক্ৰিয়া লাভ কৰিছে।

ড০ হিমন্ত বিশ্ব শৰ্মা পঞ্চায়ত পঞ্চায়ত নিৰ্বাচন