Advertisment

অৱসৰৰ পাছত কি কি কাম কৰিব পাৰিব দেশৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে...

অৱসৰৰ পাছত কি কি কাম কৰিব পাৰিব দেশৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে...

author-image
Asomiya Pratidin
New Update
অৱসৰৰ পাছত কি কি কাম কৰিব পাৰিব দেশৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে...

ডিজিটেল ডেস্কঃ বিষাদ মনেৰে যোৱা শুকুৰবাৰে অৱসৰ গ্ৰহণ কৰিলে দেশৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে। দেশৰ ন্যায়িক ব্যৱস্থাৰ শীৰ্ষতম পদবীৰ পৰা অৱসৰ লোৱাৰ পাছত ডি ৱাই চন্দ্ৰচূড়ে এতিয়া কিছু কামৰ সৈতে প্ৰত্যক্ষভাৱে আৰু জড়িত হৈ থাকিব নোৱাৰিব।

Advertisment

সংবিধানৰ অনুচ্ছেদ ১২৭(৭) অনুসৰি, উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে অৱসৰ লোৱাৰ পাছত সেইগৰাকী ব্যক্তিয়ে দেশৰ কোনো আদালতত পুনৰ উকালতি কৰিব নোৱাৰিব। অৱশ্যে ন্যায়িক ব্যৱস্থাৰ সৈতে প্ৰত্যক্ষ তথা সক্ৰিয়ভাৱে জড়িত থাকিব নোৱাৰিলেও পৰোক্ষভাৱে জড়িত হৈ থাকিব পাৰিব তেওঁ।

দীৰ্ঘদিনীয়া অভিজ্ঞতাৰ ভিত্তিত তেওঁ দেশৰ জটিল আইনী বিষয়বোৰত মধ্যস্থতাকাৰী হিচাপে কাম কৰিব পাৰিব। ১৯৯৬চনৰ প্ৰণয়ন কৰা এক আইন অনুসৰি, অৱসৰপ্ৰাপ্ত ন্যায়ধীশ সকলে যিকোনো জটিল আইনী বিষয়ত মধ্যস্থতাকাৰী বা বিশেষজ্ঞৰূপে পৰামৰ্শ আৰু সেৱা আগবঢ়াব পাৰে।

দেশৰ সৰ্বোচ্ছ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে অৱসৰ লোৱাৰ পাছত দেশৰ কিছু উচ্চস্তৰীয় আয়োগৰ অধ্যক্ষ হিচাপেও সেৱা আগবঢ়াব পাৰে তেওঁ। ন্যায়িক ক্ষেত্ৰত থকা অভিজ্ঞতাৰ বাবে এগৰাকী ন্য়ায়াধীশ ৰাষ্ট্ৰীয় মানৱধিকাৰ আয়োগৰ দৰে উচ্চ স্তৰীয় আয়োগৰ অধ্যক্ষৰূপে কাৰ্যনিৰ্বাহ কৰিব পৰাৰ স্থল আছে।

অৱসৰৰ পাছত কোনো আইন শিক্ষানুষ্ঠানত শিক্ষাদানো কৰিব পাৰে এগৰাকী ন্যায়াধীশে। ইয়াৰোপৰি অভিজ্ঞতাৰ ভিত্তিত ন্যায়িক ভিন্ন দিশক লৈ লেখা-মেলায়ো কৰিব পাৰে।

অৱসৰৰ পাছত মুখ্য ন্যায়াধীশ এগৰাকী ৰাজ্যপাল নাইবা কোনো চৰকাৰী বিশেষ উচ্চস্তৰীয় সমিতিৰ সাংবিধানিক পদত নিযুক্তি দিয়াৰ নজিৰ আছে। গতিকে অৱসৰৰ পাছত দেশৰ মুখ্য ন্যায়াধীশগৰাকীয়েও এই দিশসমূহৰ ভিতৰতে কোনো এটা দিশত কাম কৰিব পাৰে।

মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়