পশ্চিম কাৰ্বিআংলং জিলাৰ মাইলু নাৱাইবিলত চাঞ্চল্যকৰ ঘটনা

পশ্চিম কাৰ্বি আংলং জিলাৰ নাৱাই বিলত জালেশ্বৰ চাহু নামৰ এজন ব্যক্তিৰ পুখুৰীত পৰি কুঞ্জ বিহাৰী চৌহান নামৰ এজন লোকৰ মৃত্যু হোৱা ঘটনাই চাঞ্চল্য সৃষ্টি কৰিছে।

author-image
Tushar Pratim
New Update
পশ্চিম কাৰ্বিআংলং জিলাৰ মাইলু নাৱাইবিলত চাঞ্চল্যকৰ ঘটনা

ডিজিটেল সংবাদ পশ্চিম কাৰ্বিআংলং: পশ্চিম কাৰ্বি আংলং জিলাৰ নাৱাই বিলত জালেশ্বৰ চাহু নামৰ এজন ব্যক্তিৰ পুখুৰীত পৰি এজন লোকৰ মৃত্যু হোৱা ঘটনাই চাঞ্চল্য সৃষ্টি কৰিছে। জানিব পৰা মতে নৱাইবিলৰ ৪ নং গাঁৱৰ নিবাসী হনুমান চৌহানৰ পুত্ৰ কুঞ্জ বিহাৰী চৌহান নামৰ ৩৫ বছৰীয়া যুৱকজনৰ মৃতদেহ জালেশ্বৰ চাহুৰ পুখুৰীত উদ্ধাৰ হৈছে। 

Advertisment

স্থানীয় ৰাইজে অভিযোগ কৰিছে যে উক্ত পুখুৰীৰ মালিক জালেশ্বৰ চাহুৱে তেওঁৰ  নিজা বাসগৃহত চুলাই মদ অবৈধ ভাৱে বিক্ৰী কৰে আৰু মৃত কুঞ্জ বিহাৰী চৌহান জালেশ্বৰ চাহুৰ  ঘৰতেই মৃত্যুৰ পূৰ্বে চুলাই খাইছিল। এই ঘটনাৰ খবৰ লাভ কৰি ঘটনাস্থলীত মাইলো আৰক্ষী উপস্থিত হৈ মৃতদেহ পুখুৰীৰ পৰা উদ্ধাৰ কৰে। 

ইফালে জালেশ্বৰ চাহুৰ ঘৰৰ পৰা প্ৰায় আঠ লিটাৰ চুলাই মদ স্থানীয় ৰাইজে পুলিচৰ সন্মুখত উদ্ধাৰ কৰে। জালেশ্বৰ চাহুৱে সাংবাদিকৰ সন্মুখত স্বীকাৰ কৰে যে তেখেতে অবৈধভাৱে মদ বিক্ৰী কৰে। 

আৰক্ষীয়ে ইতিমধ্যে জালেশ্বৰ চাহু আৰু তেখেতৰ বোৱাৰীক গ্ৰেপ্তাৰ কৰিছে। স্থানীয় লোকে প্ৰকাশ কৰা মতে পুৱাৰে পৰা কুঞ্জ বিহাৰী চৌহানে জালেশ্বৰ চাহুৰ বাৰীত কাম কৰি আছিল। তাৰ পিছতেই পুখুৰীত উদ্ধাৰ হয় তেওঁৰ মৃতদেহ। 

ইফালে আৰক্ষীয়ে মৃত কুঞ্জ বিহাৰী চৌহানৰ মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰিছে। একাংশই দাবী কৰিছে তেওঁক পৰিকল্পিতভাৱে হত্যা কৰিছে। অৱশ্যে মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন আৰু আৰক্ষীৰ সঠিক অনুসন্ধানতহে এই বিষয়ে স্পষ্ট হ’ব।

মৃতদেহ উদ্ধাৰ