/asomiyapratidin/media/media_files/2025/06/23/uysjj-2025-06-23-11-14-59.jpg)
ডিজিটেল সংবাদ, পশ্চিম কাৰ্বি আংলংঃ আজি কাৰ্বি আংলংঙৰ বসবাস কৰা সকলো জাতি জনগোষ্ঠীৰ বাবে এটি গৌৰৱান্বিত দিন ৷ কিয়নো আজি তাৰিখত অৰ্থ্যাত ১৯৫২ চনৰ ২৩জুনত কাৰ্বি আংলং জিলা পৰিষদৰ ষষ্ঠ অনূসুচীতৰ ভাৰতীয় সংবিধান অধীনত কাৰ্বি আংলং জিলা পৰিষদৰ প্ৰতিষ্ঠা কৰিছিল ৷
সেয়েহে অন্য বছৰৰ দৰে এইবছৰৰ ৭৪সংখ্যক কাৰ্বি আংলং স্বাযত্ব শাসিত পৰিষদৰ প্ৰতিষ্ঠা দিৱসৰ সংগতি ৰাখি দুইখন পাৰ্ৱত্য জিলাৰ কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলংঙৰ সদৰস্তিত ক্ৰমে ডিফু আৰু হামৰেণত উলহমালহেৰে উদযাপন কৰে ৷
পুৱা ভাগত ডিফু প্ৰয়াত কাৰ্বি জনগোষ্ঠীৰ মহান নেতা সকলক শ্ৰদ্ধাজ্ঞলী জ্ঞাপন কৰা লগতে জাতীয় পতাকা উক্তোলন কৰে কাৰ্বি আংলং স্বাযত্ব শাসিত পৰিষদৰ চিইএম ড° তুলিৰাম ৰংহাং সঁহ সাংসদ অমৰ চিং টিচঁচ ;পৰিষদৰ ইএম ডি উফিং মাছলাই ;প্ৰভাত চন্দ্ৰ তাৰৌ আদি কৰি পৰিষদৰ শীৰ্ষ বিষয়া আৰু বিভিন্ন বৰ্ডৰ অধক্ষ্য সকলে অংশ গ্ৰহণ কৰে ৷
সমান্তৰালভাৱে পশ্চিম কাৰ্বি আংলংঙৰ হামৰেন সচিব কাৰ্য্যালয়ত উলহমালহেৰে উদযাপন কৰে ৷ মূখ্য অতিথি হিচাৎ উপস্থিত কাৰ্বি পৰিষদৰ উপাদক্ষ্য অভিৎজি ক্ৰ সঁহ এমএচি হেট চিং ৰংফাৰ আদি স্থানীয় গণ্যমান ব্যক্তি সকল উপস্থিত থাকে ৷
তথ্য অনুসৰি দিনৰ ভাগত মুকলি সভাও অনুষ্ঠিত কৰি ডিফু লাংকুং হাৱে মেমুৰিয়েল টাউন হলত ডিফুহবিশিষ্ট সাংবাদিক তথা চ'লাংদু দৈনিক বাতৰি কাকত স্বতাধিকাৰী বৰচিং ৰংফাৰৰ লিখনি এএচডিচি মভমেণ্টৰ কিতাপ আনুষ্ঠানিকভাৱে মুকলি কৰিব ড° তুলিৰাম ৰংহাং ৷