উছৱমুখৰ পৰিৱেশ পশ্চিম কাৰ্বি আংলঙৰ জেংক্ৰ গাঁৱত

এক উদুলি-মুদুলি আৰু উছৱমুখৰ পৰিৱেশ পশ্চিম কাৰ্বি আংলঙৰ জেংক্ৰ গাঁৱত। কাৰ্বি জনগোষ্ঠীয় পৰম্পৰাগত “হাছা কেকান” উদযাপনৰ উদ্দেশ্যেৰে গাঁওখনত কাৰ্বি লোকসংস্কৃতিৰ নৃত্য-গীত পৰিবেশন কৰিবলৈ যুৱক-যুৱতীৰ এটা দল উপস্থিত হোৱাৰ পাছতেই উদুলি-মুদুলি পৰিৱেশ গাওঁখনত। 

author-image
Asomiya Pratidin
New Update
jekrin ggggg

ডিজিটেল সংবাদ, খেৰণি: এক উদুলি-মুদুলি আৰু উছৱমুখৰ পৰিৱেশ পশ্চিম কাৰ্বি আংলঙৰ জেংক্ৰ গাঁৱত। কাৰ্বি জনগোষ্ঠীয় পৰম্পৰাগত “হাছা কেকান” উদযাপনৰ উদ্দেশ্যেৰে গাঁওখনত কাৰ্বি লোকসংস্কৃতিৰ নৃত্য-গীত পৰিবেশন কৰিবলৈ যুৱক-যুৱতীৰ এটা দল উপস্থিত হোৱাৰ পাছতেই উদুলি-মুদুলি পৰিৱেশ সৃষ্টি হয় গাওঁখনত। 

“হাছা কেকান” উৎসৱ হৈছে পথাৰৰ সোণ গুটি বা পাহাৰৰ ঝুম খেতিৰ পকা ধান চপোৱাৰ পাচত ঘৰৰ লৈ লখিমীক আদৰি অনাৰ এক পৰ্ব ৷ এই উৎসৱ বিশেষকৈ নিশাৰ ভাগত উদদযাপন কৰা হ’য় ৷ সাম্প্ৰতিক সময়ত এই উৎসৱটি সমগ্ৰ কাৰ্বি আংলঙৰ ভিন্ন স্থান বা অঞ্চলত জাতি-ধৰ্ম নিৰ্বিশেষে পালন কৰি অহা পৰিলক্ষিত হৈছে৷ 

একেদৰে নিশা পশ্চিম কাৰ্বি আংলঙৰ জেংক্ৰ গাঁৱতো ফেলাংপি, ৰিকাংমিহম গাঁৱৰ পৰা নৃত্য-গীত পৰিবেশন কৰিবলৈ জেংক্ৰ গাঁৱত উপস্থিত হোৱা যুৱক-যুৱতীৰ দলটোয়ে গাওঁবাসীক লগত লৈ ৰাজেন টেৰণ নামৰ ব্যক্তিজনৰ গৃহ-চোতালত পৰম্পৰাগত কাৰ্বি গীত-মাত আৰু নৃত্য প্ৰদৰ্শনেৰে “হাছা কেকান” অৰ্থাৎ লখিমীক আদৰাৰ যি পৰম্পৰা বা উৎসৱ সেয়া উলহ-মালহেৰে উদযাপন কৰা পৰিলক্ষিত হয়। 

উল্লেখযোগ্য যে, পৰম্পৰা অনুযায়ী কাৰ্বি জনগোষ্ঠীয় লোকসকলে পূৰ্বে এই উৎসৱ প্ৰতিখন গাঁৱত বা কিছু লোকে ব্যক্তিগতভাৱেহে উদযাপন কৰিছিল৷ কিন্তু পৰৱৰ্তী সময়ত এই পৰম্পৰাক বিশ্ব দৰবাৰলৈ নিয়াৰ প্ৰয়াস বা স্বকীয় কৃষ্টি সংস্কৃতি, জাতীয় পৰিচয় জীয়াই ৰখাৰ প্ৰয়াসেৰে কাৰ্বি কালছাৰেল ছ’চাইটীৰ উদ্যোগত ইয়াক ক্ৰমান্বয়ে ৰাজহুৱা মঞ্চলৈ অনাৰ প্ৰচেষ্টা চলাই যোৱা পৰিলক্ষিত হৈছে পাহাৰীয়া জিলা দুখনত। 

পশ্চিম কাৰ্বি আংলং