ঘৰৰ ভিতৰত বন্ধ কৰি অগ্নিসংযোগ, পুৱা উদ্ধাৰ নৱ দম্পতিৰ মৃতদেহ…

ঘৰৰ ভিতৰত বন্ধ কৰি অগ্নিসংযোগ, পুৱা উদ্ধাৰ নৱ দম্পতিৰ মৃতদেহ…

author-image
asomiyapratidin
New Update
ঘৰৰ ভিতৰত বন্ধ কৰি অগ্নিসংযোগ, পুৱা উদ্ধাৰ নৱ দম্পতিৰ মৃতদেহ…

ডিজিটেল ডেস্ক: পশ্চিম বংগৰ বীৰভুখত তৃণমূল কংগ্ৰেছৰ নেতা এগৰাকীৰ হত্যাৰ পাছতেই হিংসাত্মক কাৰ্য-কালাপৰ সৃষ্টি হয়।অভিযোগ অনুসৰি দুৰ্বৃত্তই কেইবাটাও ঘৰত জুই লগাই দিয়ে যাৰ ফলত ৮ জন লোক অগ্নিদগ্ধ হৈ মৃত্যু মুখত পৰে।

Advertisment

আৰক্ষীয়ে জনাই যে বৰ্তমান ঘটনা সন্দৰ্ভত তদন্ত চলাই ২২ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। কিন্তু ইয়াৰ মাজত এক অতি কৰুণ কাহিনী পোহৰলৈ আহিছে।

উল্লেখ্য যে, এই হিংসাত্মক কাৰ্যত প্ৰাণ হেৰুৱাই এহাল নৱ-দম্পতিয়েও। প্ৰাপ্ত খবৰ অনুসৰি লিলী খাতুনে স্বামী কাজী সাজীদুৰৰ সৈতে মাকৰ ঘৰলৈ আহিছিল। সোমবাৰে নিশা প্ৰায় ১২ বজাত কাজীয়ে এজন বন্ধুলৈ ফোন কৰে।

তেওঁ ফোনত কয় যে আমাক এটা ঘৰত সুমাই লৈ জুই লগাই দিছে। আৰক্ষীক অতি সোনকালেই পঠাই দিয়ক।বন্ধুজনে এই সম্পৰ্কে কাজীৰ পিতৃক জনাই কিন্তু মঙলবাৰে পুৱা দুই স্বামী-স্ত্ৰীৰ মৃতদেহ উদ্ধাৰ হয়। জানিব পৰা মতে কেইমাহমান পূৰ্বেই তেওঁলোকৰ বিয়া হৈছিল।

উল্লেখ্য যে, এই ঘটনাই জোকাৰি গৈছে সমগ্ৰ পশ্চিম বংগ। এই ঘটনাত প্ৰতিক্ৰিয়াও ব্য়ক্ত কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।

west bengal violence