জলপাইগুৰি ট্ৰেজেডিঃ কিদৰে সংঘটিত হৈছিল মাল নদীৰ কৰুণ ঘটনা, চাওক ভিডিঅ'...

বিজয়া দশমীৰ মাজতে জলপাইগুৰিত সংঘটিত হোৱা ভয়ংকৰ ঘটনাই দেশজুৰি শোকৰ ছাঁ পেলাইছে।
jolpaiguri
jolpaiguri

ডিজিটেল ডেস্কঃ বিজয়া দশমীৰ মাজতে জলপাইগুৰিত সংঘটিত হোৱা ভয়ংকৰ ঘটনাই দেশজুৰি শোকৰ ছাঁ পেলাইছে। জলপাইগুৰি জিলাৰ মাল নদীত দেৱী দুৰ্গা বিসৰ্জন দিবলৈ গৈ হঠাৎ অহা বানত উটি গৈ ৮ জন লোক নিহত হোৱাৰ লগতে বহু সংখ্যক লোক এতিয়াও সন্ধানহীন হৈ আছে।

প্ৰকৃততে কিমান লোক এই দুৰ্ঘটনাত সন্ধানহীন হৈ আছে তাৰ কোনো প্ৰামাণিক তথ্য এতিয়াও নাই জলপাইগুৰি আৰক্ষীৰ হাতত। বিজয়া দশমী উপলক্ষে দেৱী বিসৰ্জন দিবলৈ গৈ মাল নদীৰ পাৰ সমবেত হৈছিল হাজাৰৰো অধিক লোক।

সেই সময়তে হঠা নদীখনত বাঢ়ি অহা পানীয়ে দেৱী বিসৰ্জন দিবলৈ অহা ভক্তক উটুৱাই নিয়ে। ততাতৈয়াকৈ প্ৰশাসন আৰু স্থানীয় লোকৰ সহযোগত প্ৰায় ৫০ জন লোকক উদ্ধাৰ কৰিছে। আনহাতে ৮ জন লোকৰ মৃতদেহ উদ্ধাৰ কৰিছে প্ৰশাসনে।

এই ঘটনাত আন বহু লোক সন্ধানহীন হৈ থকাৰ প্ৰতি লক্ষ্য ৰাখি এন ডি আ এফ, এছ ডি আৰ এফ, আৰক্ষী আৰু স্থানীয় প্ৰশাসনে উদ্ধাৰ অভিযান চলাই আছে বুলি জলপাইগুৰিৰ জিলা দণ্ডাধীশ মোমিতা গোদ্ৰাই সংবাদ সংস্থাৰ আগত প্ৰকাশ কৰিছে।

ইফালে আৰক্ষী অধীক্ষক দেৱাচী দত্তই প্ৰকাশ কৰা মতে বুধবাৰে দেৱী দুৰ্গাৰ বিসৰ্জনৰ সময়ত মাল নদীত বানপানীত বহুলোক উটি যোৱাৰ লগতে বহু লোক নদীখনৰ মাজত আবদ্ধ হৈ আছিল। তেওঁ এন ডি আৰ এফ আৰু অসামৰিক প্ৰতিৰক্ষা মোতায়েন কৰা হৈছে বুলি প্ৰকাশ কৰিছে।

ইফালে এই ঘটনাই দেশৰ বিজয়াদশমীৰ যি আনন্দ, উল্লসে সেয়া কিছু পৰিমাণে ম্লান পেলালে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে এই ঘটনা সন্দৰ্ভত টুইট কৰি কয় যে, পশ্চিমবংগৰ জলপাইগুৰিত দুৰ্গা পূজাৰ সময়ত সংঘটিত দুৰ্ঘটনাত দুখিত। যিসকলে তেওঁলোকৰ প্ৰিয়জনক হেৰুৱাইছে তেওঁলোকৰ প্ৰতি সমবেদনা জ্ঞাপন কৰিছো।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in