পুঠিমাৰীত জ্ঞান বিকাশ ৱেলফেৱাৰ ছ’ছাইটিৰ কাৰ্যালয় মুকলি

এই মুকলি অনুষ্ঠানত বহুতো গণ্য মান্য ব্যক্তি তথা এলেকাৰ স্থানীয় ৰাইজ উপস্থিত থাকে। ইয়াৰ জৰিয়তে অনাগত দিনতো সমূহ ৰাইজৰ উপস্থিতিৰ সহায়-সহযোগিতা আন্তৰিকতাৰে ৱেলফেৱাৰ ছ'ছাইটিটোৱে কামনা কৰিছে।‌

author-image
Asomiya Pratidin
New Update
1

 

Advertisment

ডিজিটেল সংবাদ,ৰঙিয়াঃ সমজিলা ৰঙিয়াৰ অন্তৰ্গত পুঠিমাৰীত জ্ঞান বিকাশ ৱেলফেৱাৰ ছছাইটিৰ কাৰ্যালয়টি বুধবাৰে আনুষ্ঠানিকভাৱে মুকলি কৰা হয়। দিনৰ ১১ বজাত পুঠিমাৰী চকত ছ'ছাইটিৰ কাৰ্যালয়টি ফিটাকাটি ৰাইজৰ উপস্থিতিত শুভ উদ্বোধন কৰে প্ৰাক্তন আৰক্ষী বিষয়া কনক কলিতাই।

আৰক্ষী বিষয়া গৰাকীয়ে মুকলি কৰি দিয়া ভাষণত ২০০২ চনতেই স্থাপন হোৱা সামাজিক, শৈক্ষিক আৰু সাংস্কৃতিক ছ'ছাইটিটোৱে ইতিপূৰ্বে বহুতো উল্লেখযোগ্য অৱদান থকাৰ উপৰিও কামৰূপ জিলাত অগ্ৰণী ভূমিকা গ্ৰহণ কৰি অহাৰ কথা বিষদভাৱে আলোকপাত কৰে। তদুপৰি এই আনুষ্ঠানিক মুকলি অনুষ্ঠানত অংশ লৈ নথৈ আনন্দিত হোৱাৰ কথা প্ৰকাশ কৰে।

ৰঙিয়াৰ পুঠিমাৰীৰ সমগ্ৰ এলেকা সামৰি এটি শ্মশান শালি নিৰ্মাণৰ কামো হাতত লোৱাৰ ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে পুঠিমাৰী,কমলপুৰ,কেন্দূকোণা,হাহাৰা আৰু বোৰ্কা আদি বৃহত্তৰ অঞ্চল সামৰি এটি যোগাসন কেন্দ্ৰও শীঘ্ৰে মুকলি কৰা হব বুলি পুঠিমাৰী জ্ঞান বিকাশ ৱেলফেৱাৰ ছছাইটিৰ সম্পাদক অনিৰুদ্ধ কাকতিয়ে জানিবলৈ দিয়ে।‌

এই মুকলি অনুষ্ঠানত বহুতো গণ্য মান্য ব্যক্তি তথা এলেকাৰ স্থানীয় ৰাইজ উপস্থিত থাকে। ইয়াৰ জৰিয়তে অনাগত দিনতো সমূহ ৰাইজৰ উপস্থিতিৰ সহায়-সহযোগিতা আন্তৰিকতাৰে ৱেলফেৱাৰ ছ'ছাইটিটোৱে কামনা কৰিছে।‌

ৰঙিয়া পুঠিমাৰী