/asomiyapratidin/media/media_files/2025/06/28/dfff-2025-06-28-10-52-04.jpg)
ডিজিটেল ডেস্কঃ ভাৰতৰ পৰিৱেশ, খাদ্য, জীৱনশৈলী আৰু আতিথ্যক উচ্চ প্ৰশংসা কৰিলে আমেৰিকাৰ এদল গৱেষক শিক্ষাৰ্থীৰ দলে। আমেৰিকাৰ মন্টানা ৰাজ্যৰ পৰা অহা এই ১০গৰাকী শিক্ষাৰ্থীয়ে ভাৰতৰ পাৰ কৰা সময়খিনিক জীৱনৰ সৰ্বোত্তম সময়ৰ ভিতৰত স্থান দিয়া বুলি মন্তব্য প্ৰকাশ কৰে। তেওঁলোকে কয় যে, ভাৰতত আমি যাদুকৰী কিছুদিন পাৰ কৰিছো।
এএনআইৰ সৈতে হোৱা কথা-বতৰাত মন্টানা ৱৰ্ল্ড এফেয়াৰ্ছ কাউন্সিলৰ পৰিচালনা সমিতিৰ সদস্য জেছন স্মিথে কয়, "মই ইয়াৰ পূৰ্বেও দুবাৰকৈ ভাৰত ভ্ৰমণ কৰাৰ সৌভাগ্য লাভ কৰিছো। মোৰ পুনৰ ভাৰতলৈ অহাৰ মন আছিল আৰু সেই মনৰ আশা শেহতীয়াকৈ পূৰ্ণ হ'ল। ভাৰতত পাৰ কৰা সময়খিনি সদায় যাদুকৰী । পৃথিৱীত ছাগে ইয়াৰ দৰে কোনো ঠাই নাই।
ভাৰতলৈ অধ্যয়ন ভ্ৰমণলৈ যোৱা সাতজন হাইস্কুলীয়া ছাত্ৰ আৰু তিনিজন চেপেৰন (ৱৰ্ল্ড এফেয়াৰ্ছ কাউন্সিল, মন্টানা)ৰে গঠিত মন্টানাৰ দহজন প্ৰতিনিধিৰ এটা গোটৰ ভিতৰত জেছন স্মিথ অন্যতম। ভাৰতৰ কনছুলেট জেনেৰেলে মন্টানা ষ্টেট ইউনিভাৰ্চিটিত ইকন’কুৱেষ্ট ২০২৫ আৰু মিছৌলাৰ মন্টানা ইউনিভাৰ্চিটিত একাডেমিক ৱৰ্ল্ডকুৱেষ্ট ২০২৫ত অংশগ্ৰহণৰ পিছত ছিয়াটলত এই প্ৰতিনিধি দলটোক নিৰ্বাচন কৰে।