/asomiyapratidin/media/media_files/2025/04/16/i4MSDiWkaqMCmclYbAeF.jpg)
ডিজিটেল সংবাদ, বটদ্ৰৱা : পহিলা ব'হাগৰ দিনা জ্যেষ্ঠজনক এখন বিহুৱান যাচি কনিষ্ঠজনে আশীৰ্বাদ লোৱাটো পৰম্পৰা। এই মহান পৰম্পৰাক আধাৰ কৰি ৰাইডঙীয়াৰ জয়হিন্দ লাইব্ৰেৰীত মঙলবাৰে স্থানীয় যুৱক-যুৱতীসকলে ৪০ গৰাকী জ্যেষ্ঠ নাগৰিকক সমবেত কৰি একোখনকৈ বিহুৱান দি, আশীৰ্বাদ গ্ৰহণ কৰে।
লগতে এই অঞ্চলৰ পৰা সেনাবাহিনীত কৰ্মৰত হৈ অৱসৰ গ্ৰহণ কৰা সকলকো বিহুৱান প্ৰদান কৰে। সমাজ সংগঠক শংকৰ জ্যোতি শৰ্মাই আঁত ধৰা অনুষ্ঠানটিত বিহুৰাম শইকীয়া, উমাকান্ত হাজৰিকা ,ৰুদ্ৰ কান্ত শইকীয়া, দুলেশ্বৰ ভূঞা, চেনিমাই বৰদলৈ, অবসৰপ্ৰাপ্ত সেনাবিষয়া শৰৎ ভূঞাই ভাষন প্ৰদান কৰে।
শেষত উদ্যোক্তা সমিতিৰ সভাপতি ৰিয়া বৰদলৈয়ে শলাগৰ শৰাই আগবঢ়ায়। ইফালে সৌৰভ শাখা সাহিত্য সভাৰ উদ্যোত পহিলা ব'হাগৰ দিনটোত ৰাইডঙীয়াৰ জ্যেষ্ঠ নাগৰিকক বিহুৰ ওলগ জনাই অসম সাহিত্য সভাৰ "নিজৰ দিন" উদযাপন কৰে।
ৰাইডঙীয়াৰ সৌৰভ ভৱন প্ৰাংগনত অনুষ্ঠিত বিহুৰ প্ৰীতি সন্মিলনত এশগৰাকী জ্যেষ্ঠ নাগৰিকক অসম সাহিত্য সভাৰ ওলগ পত্ৰ আৰু বিহুৱানেৰে বিহুৰ ওলগ জনোৱা হয়। শতাধিক জ্যেষ্ঠ নাগৰিক আৰু শতাধিক ৰাইজৰ উপস্থিতিত অনুষ্ঠিত সভাখনত উদ্দেশ্য ব্যাখ্যা কৰে কবিন পাটৰে আৰু আঁত ধৰে কবিন পাটৰে।
অনুষ্ঠানটোত ৰাইডঙীয়াৰ সমাজকৰ্মী দিলীী কুমাৰ বৰা, বিচিত্ৰ নাৰায়ণ শইকীয়া, শংকৰজ্যোতি শৰ্মাকে আদি কৰি দুই শতাধিক লোক উপস্থিত থাকে।