ডিজিটেল সংবাদ, নগাঁও: নগাঁও চহৰৰ অন্যতম উচ্চ শিক্ষাৰ অনুষ্ঠান দ্ৰোণাচাৰ্য ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ সংলগ্ন দ্ৰোণাচাৰ্য উচ্চ মাধ্যমিক বিদ্যালয়ৰ নৱাগত আদৰণি সভা শুকুৰবাৰে নগাঁও জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত অনুস্থিত হয়। এই উপলক্ষে বিদ্যালয়খনৰ পৰিচালনা সমিতিৰ সভাপতি শিক্ষাবিদ ৰমেশ গোস্বামীৰ সভাপতিত্বত অনুষ্ঠিত হোৱা মুকলি সভাত বিশিষ্ট শিক্ষাবিদ তথা ৰাষ্ট্ৰীয় অধ্যাপক শিক্ষক পৰিষদ , পূৱ ক্ষেত্ৰীয় সমিতিৰ অধ্যক্ষ ড০ দিব্যজ্যোতি মহন্তক শিক্ষানুষ্ঠানখনৰ তৰফৰ পৰা 'দ্ৰোণাচাৰ্য মহাবিদ্যালয় বঁটা ' প্ৰদান কৰা হয়।
বঁটা গ্ৰহণ কৰি দিয়া নিজৰ চমু ভাষণত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, এপিজে আব্দুল কালামৰ লগতে কেইবাজনো দাৰ্শনিক পণ্ডিতৰ জীৱন পৰিক্ৰমাৰ উদ্ধৃতি দি ড০ মহন্তই ছাত্র -ছাত্ৰীসকলক উদ্দেশ্যি কয় যে ছাত্র -ছাত্ৰীসকলৰ হৃদয়ত ইশ্বৰ প্ৰদত্ত শক্তি আছে। তেওঁলোকে এই শক্তি উপলব্ধি কৰিব পাৰিব লাগিব। বহুতে নিজৰ স্থিতি হৃদয়ঙ্গম কৰিব নাজানে। বিদ্যালয়ত পঢ়ি থকা সময়ত পৰীক্ষাত অংক প্ৰশ্নৰ গোটেইকিটা উত্তৰ লিখাৰ বাবে মোৰ মাতৃয়ে ২৫ পইচা দিছিল বুলি উল্লেখ কৰি ড০ মহন্তই কয় এইটো মোৰ জীৱনৰ প্ৰথম বঁটা। পিতৃ-মাতৃৰ আশীৰ্বাদ আৰু লালন -পালনৰ বাবে আজি হয়তু মই এই বঁটা লাভ কৰিছোঁ।
তেওঁ লগতে কয় পিতৃ-মাতৃ, গুৰুৰ আশীৰ্বাদ থাকিলে সফলতাত কাৰো বাধা আহিব নোৱাৰে। ছাত্ৰ -ছাত্ৰীসকলৰ থকা শক্তি শিক্ষক-শিক্ষয়িত্ৰীসকলে উলিয়াই আনিব লাগিব। তেতিয়াহে তেওঁলোক সফল বাটেৰে আগবাঢ়ি যাব। বহুতে ভাৰত বিশ্বগুৰু হবলৈ কৈ আছে বুলি উল্লেখ কৰি তেওঁ কয় ভাৰত আগৰপৰাই বিশ্বগুৰু। প্ৰসঙ্গক্ৰমে পৰিৱেশ সংৰক্ষণৰ ওপৰত গুৰুত্ব দি ড০ মহন্তই কয় যে আমাৰ চৌপাশে থকা জান , জুৰি, খালত আছে মধু। একেদৰে গছ বন ঔষধি গুণ সম্পন্ন। নৱপ্ৰজন্ম ইয়াৰ সংৰক্ষণৰ বাবে আগ্ৰহী হব লাগে। বিভিন্ন দিশত ভাৰত চহকী বুলি উল্লেখ কৰি ড০ মহন্তই কয় যে প্ৰাচীন কালৰ বহু মনিষীয়ে সাহিত্য-সংস্কৃতিত টনকিয়াল স্থিতি ৰাখি থৈ গৈছে।
বিদ্যালয়ৰ অধ্যক্ষ চন্দ্ৰ কান্ত বৰাই আঁতধৰা অনুষ্ঠানৰ আৰম্ভণিতে বৰগীত পৰিৱেশন কৰে ছাত্ৰী কংকনা কলিতাই। বন্তি প্ৰজ্বলন কৰে শিক্ষাবিদ ভীষ্ম দুৰ্লভ মহন্তই। সভাত অৱসৰপ্ৰাপ্ত বন বিষয়া তথা লেখক মহেশ নাথক সম্বৰ্ধনা জনোৱা হয়। সভাত ননৈ কলেজৰ অধ্যাপক ড :বসন্ত বৰা, হাতীচোং কলেজৰ অধ্যাপক ক্ষীৰোদ কুমাৰ নাথে ভাষণ প্ৰদান কৰি শিক্ষাৰ্থী সকলক বৰ্তমান সময়ৰ লগত আগবাঢ়ি যাব পৰাকৈ অধ্যয়নত সঠিক ভাবে গুৰুত্ব দিবলৈ আহ্বান জনায়।
সভাত সাংবাদিক কনক হাজৰিকা ,সমাজকৰ্মী পৰেশ দাস ,পংকজ ভট্টাচাৰ্য্য আদিয়ে অংশগ্ৰহণ কৰে। ইয়াৰ আগতে পুৱা পতাকা উত্তোলন কৰে বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি ৰমেশ গোস্বামীয়ে। প্ৰাচীৰ পত্ৰিকা উন্মোচন কৰে শিক্ষাবিদ প্ৰবীন চন্দ্ৰ বৰাই। ইয়াৰ পিছতে উলিওৱা হয় আকৰ্ষণীয় সাংস্কৃতিক শোভাযাত্ৰা। বিয়লি অনুষ্ঠিত সাংস্কৃতিক অনুষ্ঠানত ছাত্ৰ -ছাত্ৰী সকলে নৃত্য ,গীত পৰিবেশন কৰে।