/asomiyapratidin/media/media_files/2025/02/05/Iz4Lr0t5L6obEx8OR6NV.png)
ডিজিটেল ডেস্কঃ বুধবাৰে সন্ধিয়া লোকসেৱা ভৱনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত হয় ৰাজ্যিক কেবিনেট বৈঠক। এই বৈঠকত ৰাজ্যৰ সৰ্বাংগীন উন্নয়নৰ বাবে কেবাটাও সিদ্ধান্ত গ্ৰহণ কৰা হয়। কেবিনেট বৈঠকৰ পাছতে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই এখন সংবাদ মেল সম্বোধন কৰি কেতবোৰ সিদ্ধান্তৰ বিষয়ে অৱগত কৰে।
জয়ন্ত মল্লবৰুৱাই জানিবলৈ দিয়া অনুসৰি, আজিৰ কেবিনেটত মূল্য সংযোজিত কৰ চমুকৈ ভেটৰ সুৰুঙা প্ৰতিহতকৰণ সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰা হয়। ইয়াৰ দ্বাৰা পথ,ৰেল,নদী, বায়ু বা ডাকযোগে ৰাজ্যখনলৈ সামগ্ৰী আমদানীৰ ক্ষেত্ৰত চৰ্তাৱলী অৱগত কৰি ৰাজ্যৰ বাহিৰৰ পৰা কৰযোগ্য সামগ্ৰীৰ চলাচল নিৰিক্ষণ নিশ্চিত কৰা বাবে অসম মূল্য সংযোজিত কৰ (সংশোধনী) বিধি ২০২৫ ৰ খচৰাত অনুমোদন জনোৱা হয়।
একেদৰে ইয়াৰ দ্বাৰা নিৰ্ধাৰিত নথি-পত্ৰ,বৈধ নথিপত্ৰ অবিহনে অসমলৈ অহা ২৫০ লিটাৰতকৈ অধিক কোনো প্ৰকাৰৰ সামগ্ৰী বিতৰণ নিষেধত নিৰ্দেশনা প্ৰদানৰ লগতে যিকোনো ব্যক্তিৰ অবিলম্বে পেট্ৰ'ল আৰু ডিজেলৰ অবৈধ সঞ্চয়,বিক্ৰি আৰু পুনৰ বিক্ৰি বন্ধ কৰিবলৈ নিৰ্দেশনা জাৰি কৰে আজিৰ কেবিনেটত।
ইয়াৰোপৰি ৰাজহুৱা জলাশয় সমূহৰ জিলা পৰ্যায়ৰ সূচী প্ৰস্তুত কৰা বাবে অসম নগৰীয়া জলাশয় (সুৰক্ষা আৰু সংৰক্ষণ)বিধি ২০২৫ৰ খচৰাত অনুমোদন জনাই কেবিনেটে। ৪ ছেপ্টেম্বৰ ২০১৩ তাৰিখে বা তাৰ আগতে নিযুক্ত ৭১খন পৌৰ পৰিষদৰ ১,০৪৪ গৰাকী পৌৰ নিগমৰ কৰ্মচাৰীৰ সেৱা প্ৰাদেশিকীকৰণৰ বাবে অসম পৌৰ কৰ্মচাৰী (প্রাদেশিকীকৰণ) বিধেয়ক ২০২৫ লগতে অসম মাধ্যমিক শিক্ষা (প্রাদেশীকৃত বিদ্যালয়) সেৱা (পঞ্চম সংশোধনী) বিধি, ২০২৪ ত অনুমোদন জনায়।
সমগ্ৰ ৰাজ্যৰ শিক্ষাৰ্থী সকলৰ সুবিধা নিশ্চিত কৰিবলৈ অসমীয়া মাধ্যম আৰু অন্যান্য মাধ্যমৰ বিদ্যালয়ত অসমীয়া ভাষাৰ শিক্ষক সেৱা ব্যৱহাৰত অনুমোদন জনোৱা লগতে বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ মসৃণ কার্যকলাপ নিশ্চিতকৰণৰ বাবে নিয়মীয়া বিধিত অনুমোদন প্রদান কৰে মুখ্যমন্ত্ৰী কেবিনেটে।
যোগ্য বিবেচিত ব্যক্তিগত বিদ্যালয়ত আর্থিকভাবে দুর্বল শ্ৰেণীৰ শিশুসকলৰ বাবে ২৫% আসন সংৰক্ষণ সুনিশ্চিত কৰি শিক্ষাৰ অধিকাৰ আইন ৰূপায়ণৰ সুবিধার্থে এটা প'র্টেল মুকলি কৰাৰ অনুমোদন জনোৱা হয়।
লগতে সুলভ মূল্য দোকানৰ অনুজ্ঞা পত্ৰ নৱীকৰণৰ ম্যাদ ৩ ৰ পৰা ৫ বছৰলৈ বৃদ্ধি কৰি অসম ৰাজহুৱা বিতৰণ অনুচ্ছেদ (সংশোধনী) আদেশ, ২০২৫ আৰু ক্ষুদ্র উদ্যোগসমূহত ক্লাষ্টাৰ উন্নয়নৰ কাম কৰিবলৈ ৪২.৭২ কোটি টকাৰ বিনিয়োগত অনুমোদন জনাই হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটে।