/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/835630c4-03a1-4a44-af86-e3779d8692f2/delhi_10.jpg)
delhi
ডিজিটেল ডেস্কঃ বাৰিষা শেষ হোৱাৰ সময় হ'ল যদিও দেশৰ কেইবাখনো জিলাত নেৰানেপেৰা বৰষুণ অব্যাহত থকাৰ বাবে ভয়ংকৰ পৰিস্থিতিৰ সূচনা হৈছে। এনে ভয়ংকৰ পৰিস্থিতিৰ মাজতে বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰা জাননী অনুসৰি ১০ আৰু ১১ অক্টোবৰত দেশৰ কেইবাখনো ৰাজ্যত প্ৰৱল বৃষ্টিপাত হোৱাৰ সম্ভাৱনাই অধিক।
বতৰ বিজ্ঞান কেন্দ্ৰৰ জাননী অনুসৰি উত্তৰ প্ৰদেশ, দিল্লী, উত্তৰাখণ্ড, পশ্চিম মধ্য প্ৰদেশ, পূব ৰাজস্থান, অন্ধ্ৰ প্ৰদেশ, কেৰালা, গুজৰাট, মহাৰাষ্ট্ৰকে ধৰি বহু কেইখন ৰাজ্যত ধাৰাসাৰ বৰষুণ অব্যাহত থাকিব। আনহাতে, দিল্লীত ২০০৭ চনৰ পৰা যোৱা ২৪ ঘণ্টাত সৰ্বাধিক বৰষুণ হৈছে। দিল্লীত চলিত অক্টোবৰ মাহত বৰষুণৰ ৰেকৰ্ড অন্তিম ১৫ বছৰৰ অভিলেখ ভংগ কৰিছে।
ইফালে উত্তৰ প্ৰদেশৰ বেছিভাগ জিলাত ৪ দিন ধৰি ধাৰাবাহিক বৰষুণৰ ফলত এতিয়ালৈকে ৩০ জন লোকৰ মৃত্যু হৈছে। দেওবাৰৰ পৰা মথুৰা, আগ্ৰা, লক্ষ্ণৌ, নয়ডা, আলিগড়, কানপুৰ, আগ্ৰা, মীৰাট আৰু মোৰাদাবাদকে ধৰি ৯ খন জিলাত সোমবাৰে দ্বাদশ শ্ৰেণীলৈকে সকলো বিদ্যালয় বন্ধ ৰখাৰ নিৰ্দেশ দিয়া হৈছে।
বতৰ বিজ্ঞান বিভাগে সোমবাৰে ১৮ ৰ পৰা ২৪ ঘণ্টা ধাৰাসাৰ বৰষুণৰ ভৱিষ্যতবাণী কৰিছে। এই সময়ছোৱাত বতাহ ২০ ৰ পৰা ৩০ কিলোমিটাৰ বেগত চলিব। আনহাতে বংগোপসাগৰৰ ঘূৰ্ণীবতাহ প্ৰণালী আৰু ট্ৰাফ লাইনৰ বাবে মধ্যপ্ৰদেশত যোৱা ৫ দিন ধৰি বৰষুণ অব্যাহত আছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/2ec4ba50-9365-4c08-bfba-89d424254c2d/1_2_1665346872.webp)
২০ অক্টোবৰৰ পাছতো ৰাজ্যখনত বৰষুণ অব্যাহত থাকিব বুলি প্ৰকাশ পাইছে।বতৰ বিজ্ঞান কেন্দ্ৰৰ মতে অহা দিনকেইটাত মধ্যপ্ৰদেশত ধাৰাসাৰ বৰষুণ হ'ব। ইন্দোৰৰ লগতে সোমবাৰে ভূপাল আৰু উজ্জয়িনীতো বৰষুণ হোৱাৰ সম্ভাৱনা আছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/be63d8de-03e2-4311-ba4b-25eb9a4c3849/barish166529799016653002091665311879_1665368360.webp)
গোৱালিয়ৰ, বুন্দেলখণ্ড, বাঘেলখণ্ড আৰু নৰ্মদাপুৰমতো ধাৰাসাৰ বৰষুণ হ'ব পাৰে।১১ অক্টোবৰলৈকে ৰাজস্থানৰ উদয়পুৰ বিভাগৰ জয়পুৰ, আজমেৰ, ভৰতপুৰ, কোটাৰ ২২ খন জিলাত বৰষুণ আৰু বজ্ৰপাতৰ সতৰ্কবাণী জাৰি কৰা হৈছে। অৱশ্যে ১২ অক্টোবৰৰ পৰা বতৰ স্বাভাৱিক হ'ব বুলি ধাৰণা কৰা হৈছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/ec47f254-c866-4bcd-b68f-301008a5cecc/58091022pti10092022000149a_1665347872.webp)
ছিকিমত ভূমিস্খলনৰ ফলত গেংটক আৰু পশ্চিম বংগৰ মাজত পথ সংযোগ বিচ্ছিন্ন হৈ পৰিছে। ৰাষ্ট্ৰীয় ঘাইপথ ১০-ত ডাঙৰ ডাঙৰ শিল জমা হৈছে। চিংটাম আৰু ৰংপোৰ মাজত দুটা স্থানত সংঘটিত হৈছে এই ঘটনা।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/20881921-2b55-4163-8c1d-d3af9fc8022c/untitled1_1665348390.webp)