/asomiyapratidin/media/media_files/2025/01/31/DqJCJZlbnFUfzsARUkTI.jpg)
ডিজিটেল ডেস্কঃ সমগ্ৰ দেশতে দ্ৰুতগতিত ৰূপ সলাইছে বতৰে, সেয়ে সতৰ্কবাণী জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। প্ৰাপ্ত তথ্য অনুসৰি, অহা ৫ ফেব্ৰুৱাৰীলৈকে দেশৰ বিভিন্ন ৰাজ্যত বৰষুণ হোৱাৰ লগতে ঘন কুঁৱলীয়ে আৱৰি থাকিব। বৰ্তমান শীত প্ৰবাহৰ সম্ভাৱনা নাই যদিও ফেব্ৰুৱাৰী মাহত কিছু কিছু অঞ্চলত শীতৰ প্ৰকোপ বৃদ্ধি পাব।
শীতকালৰ শেষত সমগ্ৰ দেশতে বতৰে ব্যাপক পৰিৱৰ্তন কৰে। ৫ ফেব্ৰুৱাৰী ভিতৰত ৪টা পশ্চিমীয়া ঘূৰ্ণীবতাহ সক্ৰিয় হোৱাৰ সম্ভাৱনা প্ৰকাশ কৰিছে বতৰ বিজ্ঞানে। ইয়াৰ প্ৰভাৱৰ বাবে ৫ ফেব্ৰুৱাৰীলৈকে দেশৰ বহু ৰাজ্যত বজ্ৰপাতৰ সৈতে প্ৰচণ্ড বৰষুণ হোৱাৰ সম্ভাৱনা আছে।
দিল্লী-এনচিআৰত বৰষুণ আৰু কুঁৱলী পৰাৰ সম্ভাৱনা আছে।জম্মু-কাশ্মীৰ,লাডাখ, হিমাচল প্ৰদেশত বৰষুণ বা বৰফ পৰিব পাৰে। অৰুণাচল প্ৰদেশত বৰফ আৰু তামিলনাডুত ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি জনাই বতৰ বিজ্ঞানে।
অৰুণাচল প্ৰদেশৰ কিছুমান ঠাইত বজ্ৰপাতৰ লগতে লঘুৰ পৰা মধ্যমীয়া বৰষুণৰ সম্ভাৱনা আছে। অসম, মেঘালয়, উপ-হিমালয় পশ্চিম বংগ, ছিকিম, তামিলনাডু, পুডুচেৰী, কেৰালাত কিছু ঠাইত বৰষুণ হোৱাৰ সম্ভাৱনা আছে।