পাছৰ চিটত চিট বেল্ট নলগালেও ভৰিব লাগে জৰিমনা ! এই নিয়মৰ বিষয়ে জাননে? এতিয়াৰে পৰা কঠোৰ হ'ব পৰিবহন বিভাগ...

বাহনৰ পিছৰ চিটত বহি থকা যাত্ৰীসকলেও চিট বেল্ট পৰিধান কৰিব লাগিব। যদিহে কোনোৱে চিটবেল্ট পৰিধান নকৰে তেন্তে জৰিমনা আৰোপ কৰা হ'ব।
পাছৰ চিটত চিট বেল্ট নলগালেও ভৰিব লাগে জৰিমনা ! এই নিয়মৰ বিষয়ে জাননে? এতিয়াৰে পৰা কঠোৰ হ'ব পৰিবহন বিভাগ...

ডিজিটেল ডেস্কঃ আপোনাৰ চাৰিচকীয়া বাহন আছে নেকি? আপুনি প্ৰায়ে পৰিয়ালৰ লগতেই হওক অথবা আন কাৰোবাৰ লগত চাৰিচকীয়া বাহনত চলা-ফুৰা কৰে নেকি? যদি কৰে তেন্তে আপুনি যান-বাহনৰ নীতি নিয়মসমূহ পালন কৰাত আৰু অধিক তৎপৰ হ'ব লাগিব। কিয়নো কেন্দ্ৰীয় পথ পৰিবহন মন্ত্ৰী নীতিন গাডকাৰীয়ে যান-বাহন আইন আধিক কঠোৰ কৰাৰ ইংগিত প্ৰদান কৰিছে।

কেন্দ্ৰীয় মন্ত্ৰীজনে বাহনৰ পিছৰ চিটত বহি থকা যাত্ৰীসকলেও চিট বেল্ট পৰিধান কৰিব লাগিব। যদিহে কোনোৱে চিটবেল্ট পৰিধান নকৰে তেন্তে জৰিমনা আৰোপ কৰা হ'ব। বৰ্তমান বাহন নিৰ্মাতা প্ৰতিষ্ঠানসমূহে বাহনৰ সন্মুখৰ চিটত চিট বেল্ট পৰিধান নকৰিলে এলাৰ্ম বজাৰ ব্যৱস্থা আছিল যদিও পিছৰ চিটত সেই ব্যৱস্থা নাই। কেন্দ্ৰীয় মন্ত্ৰীজনে পিছৰ চিটৰ বাবেও এলাৰ্ম প্ৰণালী বাধ্যতামূলক কৰিবলৈ পৰামৰ্শ আগবঢ়াইছে। এই বিষয়ে তেওঁ চিন্তা চৰ্চা কৰি থকা হৈছে বুলি মন্তব্য কৰিছে।

কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে মঙ্গলবাৰে এক অনুষ্ঠানত কয় যে, চৰকাৰে তিনি দিনৰ ভিতৰত এই সম্পৰ্কে এখন জাননী জাৰি কৰিব। জাননীখনত পিছৰ চিটত চিট বেল্ট নাথাকিলে জৰিমনা সম্পৰ্কীয় তথ্য প্ৰদান কৰা হ'ব।

উল্লেখ্য যে, কেন্দ্ৰীয় মটৰ বাহন নিয়ম অনুসৰি পিছৰ চিটত চিট বেলণ্ট পৰিধান নকৰিলে ১ হাজাৰ টকা পৰ্যন্ত জৰিমনা আৰোপ কৰাৰ ব্যৱস্থা আছে। কিন্তু এই বিষয়ত যান-বাহন আৰক্ষীয়েই হওক বা আন সংশ্লিষ্ট কৰ্তৃপক্ষই জনসাধাৰণৰ মাজত সজাগতাৰ সৃষ্টি কৰা নাই। কেৱল চালকৰ চিটবেলণ্ট পৰীক্ষা কৰিয়েই যান-বাহন আৰক্ষীয়ে দায়িত্ব সামৰিছে।

কিন্তু পিছৰ চিটত বহা ব্যক্তিয়েও চিট বেল্ট পৰিধান কৰাটো বাধ্যতামূলক। এই নিয়ম এতিয়াৰে পৰা কঠোৰ কৰা হ'ব বুলি মন্তব্য কৰিছে কেন্দ্ৰীয় পথ পৰিবহন মন্ত্ৰী নীতিন গাডকাৰীয়ে। উল্লেখ্য যে ৪ ছেপ্তেম্বৰৰ বিয়লি এক পথ দুৰ্ঘটনাত মৃত্যুক সাৱটি লৈছিল টাটা চন্সৰ প্ৰাক্তন অধ্যক্ষ চাইৰাছ মিস্ত্ৰীয়ে।

পালঘৰত সংঘটিত হোৱা এই দুৰ্ঘটনাৰ সময়ত চাইৰাছ মিস্ত্ৰী আছিল তেওঁৰ বিলাসী বাহনখনৰ পাছৰ চিটত। তেওঁৰ মৃত্যুৰ পিছতে এতিয়া যাত্ৰীৰ সুৰক্ষাৰ দিশক লৈ নানান প্ৰশ্নৰ উত্থাপন হৈছে। আনহে নালাগে বিলাসী বাহন নিৰ্মাতা প্ৰতিষ্ঠান মাৰ্চিডিজ বেঞ্জেও এই বিষয়ত অনুসন্ধান আৰম্ভ কৰিছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in